ৰাজ্যৰ বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক ‘প্ৰণৱ বৰুৱা শিল্পী বঁটা’

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক সুদীৰ্ঘ জোৰা সাধনাক স্বীকৃতি দি ২০২৪ বৰ্ষৰ ‘প্ৰণৱ বৰুৱা শিল্পী বঁটা’ প্ৰদানৰ ঘোষণা কৰা হৈছে। চিত্রকলাক জনপ্ৰিয় কৰিবলৈ ওৰে জীৱন আহোপুৰুষাৰ্থ কৰা চিত্রশিল্পী দিলীপ তামুলীৰ কামক স্বীকৃতি প্ৰদান কৰা হৈছে৷ ১৯৫৮ চনত নদীদ্বীপ তথা শংকৰী সংস্কৃতিৰ পীঠস্থান মাজুলীত জন্মগ্ৰহণ কৰা দিলীপ তামুলীয়ে মাজুলীতে শৈশৱ অতিবাহিত কৰিছিল৷ শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা (কলা ভৱন) গ্ৰাফিক্স কলাৰ স্নাতকোত্তৰ ডিপ্লমাধাৰী দিলীপ তামুলীয়ে৷ ললিত কলা গৱেষণা বৃত্তি লাভ কৰি নতুন দিল্লীত অধ্যয়ন কৰাৰ লগতে ৰয়েল ডেনিছ সাংস্কৃতিক বৃত্তি লাভ কৰি কপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমি অৱ আৰ্টত দুবছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷ গুৱাহাটীৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা তামুলীয়ে চিত্ৰকলাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰিছে৷ অসম ফাইন আৰ্টছ এণ্ড ক্রাফট ছোচাইটিৰ কাৰ্যকৰী সভাপতি হিচাপে কার্যনিবাহ কৰা তামুলীয়ে সুকুমাৰ কলাৰ হকে আজীৱন কাম কৰিছে। তামুলীৰ চিত্র বহু ঠাইত প্রদর্শন হৈছে৷ অসম সন্তান তামুলীয়ে দেশ-বিদেশত সন্মানলাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এইগৰাকী বিশিষ্ট অসমীয়াক এইবেলি প্রয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰদান কৰি অহা ‘প্ৰণৱ বৰুৱা শিল্পী বঁটা’ প্ৰদান কৰা হ’ব৷ চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ একোজন শিল্পীক এই বঁটা প্ৰদান কৰা হয়৷ ২

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…