
উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই চামগুৰিত সংঘটিত হিংসাত্মক ঘটনাক গৰিহণা দি সমগ্ৰ বিষয়টো তদন্ত কৰাৰ দাবী জনাই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলক সাক্ষাৎ কৰে। দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে নিৰ্বাচনী বিষয়াজনক সাক্ষাৎ কৰি হিংসা বৰ্জিত এক পৰিৱেশত মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। প্ৰতিনিধি দলটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ অনুমোদিত সূচী অনুযায়ী অনুষ্ঠিত শান্তি সমদলত বাধা দিয়া বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰি দুগৰাকীকৈ জনপ্ৰতিনিধিক ক্ৰমে শিৱামণি বৰা আৰু নুৰুল হুদাই আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো এতিয়ালৈকে দিনৰ পোহৰত দুষ্কাৰ্য সংঘটিত কৰা এজনো দোষীক কৰায়ত্ব কৰিব নোৱৰা ৰাজ্যৰ গৃহ বিভাগক ধিক্কাৰ দিয়ে। মুখ্য নিৰ্বাচনী বিষয়াজনক সমগ্ৰ বিষয়টো তেওঁৰ তত্বাৱধানত তদন্ত কৰাৰ লগতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু দুজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক শাস্তিমূলক বদলি কৰিবলৈ দাবী জনায়। মুখ্য নিৰ্বাচনী বিষয়াজনে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমত ৰজাৰ শাসন চলাব বিচাৰিছে। কংগ্ৰেছে নিকা আৰু মুকলি নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰিছে আৰু ইয়াৰ বাবে যিকোনোধৰণৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত তিনিবাৰকৈ আক্ৰমণ চলোৱাৰ পিছতো তেওঁৰ নিৰাপত্তাৰ বিষয়টো ৰাজ্য চৰকাৰে পৰ্যালোচনা কৰা নাই বুলি অভিযোগ কৰে। বৰাই কয় যে ৰকিবুল হুছেইনৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে। তেওঁক বহুবাৰ ভাবুকি প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ শান্তিপূৰ্ণ সমদলৰ ওপৰত বিজেপিৰ গুণ্ডাই আক্ৰমণ চলোৱাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই মুখ্য নিৰ্বাচনী বিষয়াক দেশৰ সংবিধান সুৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনাই কয় যে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অধিকাৰ সকলো ৰাজনৈতিক দলকে দেশৰ সংবিধানে দিছে। সাংবিধানিক অধিকাৰ সুৰক্ষাৰ দায়িত্ব নিৰ্বাচনী আয়ুক্তৰ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ইফালে, বিয়লি ৩.৪৫ বজাত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙকো সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিনিধি দলটোত এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ লগতে এপিচিচিৰ উপ-সভাপতি গুণকান্ত গগৈ, সাধাৰণ সম্পাদক সঞ্জু বৰুৱা, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, মেহদী আলম বৰা উপস্থিত থাকে।