

আজি গুৱাহাটীস্থিত অসম সাহিত্য সভা চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা সভাকক্ষত অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ উদ্যোগত এখন বিশেষ ‘চিন্তন বৈঠক’ অনুষ্ঠিত হয়৷ এই বৈঠকত কেইবাটাও সংগঠনৰ প্ৰতিনিদি উপস্থিত হয়৷ চিন্তন বৈঠকত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলৰ ভূমিকা আৰু কৰণীয় দিশ তথা সমস্যা সম্পৰ্কে আলোচনা কৰা হয়৷ সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰাৰম্ভিক অধিকাৰ হকে সংগ্ৰাম কৰি যোৱাৰ পোষকতা কৰে বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে৷ অনাগত দিনত অসমৰ শৈক্ষিক ক্ষেত্ৰখনত হৈ থকা অনিয়ম তথা বিভিন্ন সমস্যাসমূহৰ বিৰুদ্ধে চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী জনাই এই বৈঠকে৷