ৰাভা হাছঙত শান্তিপূৰ্ণ ভোটগ্ৰহণ

আজি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিৰে অনুষ্ঠিত হয়। পুৱা সাত বজাৰপৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা নিৰ্বাচন বিয়লি তিনি বজাত নিৰ্ধাৰিত সময়ত সমাপ্ত হয়৷ কেবাটাও সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪ বজালৈ ভোটগ্ৰহণ হয়৷ ৰাভা হাছঙৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,৪৫,৫৮৬ গৰাকী। ৩৩ টা সমষ্টিত মুঠ ১১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট কাকতৰ জৰিয়তে নিৰ্ধাৰণ হ’ব। ৩৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে৷ গোৱালপাৰা জিলাৰ জয়ৰামকুচীত বিজেপি প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই জয়লাভ কৰাৰ বিপৰীতে কামৰূপ জিলাৰ খলিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু হাহিম সমষ্টিত সোণাৰাম ৰাভা জয়ী হৈছে৷ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাই ভোটদান কৰাৰ আগমুহূৰ্তত দুধনৈস্থিত ঐতিহ্যমণ্ডিত মাঁ বনবাসী মন্দিৰত সপত্নীক উপস্থিত হৈ মাঁ বনবাসীৰ আশিস লৈ বালাচৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত টংকেশ্বৰ ৰাভাই কয় যে গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে মুকলি মন লৈ এক সুস্থ বাতাৱৰণ সৃষ্টি কৰাৰ বাবে পুৱাৰেপৰা ৰাইজে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ