
ৰাভা হাছঙৰ বিভিন্ন পৰিষদীয় সমষ্টি এলেকা ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে৷ ঠিক এনে এক পৰিস্থিতিৰ মাজতে যোৱানিশা বকো আৰক্ষী থানা এলেকাধীন পৰিষদীয় সমষ্টি এটাৰ নিৰ্বাচনী কাৰ্যালয়ৰ লগতে বহুকেইটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাভা হাছং এলেকাত এতিয়া বিৰাজ কৰিছে এক চেপা উত্তেজনাই৷ প্ৰাপ্ত বাতৰি মতে ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ এলেকাধীন জয়পুৰৰ বনগাঁও বুঢ়ীগাঁৱৰ চৰাব ৰাভাৰ ঘৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে প্ৰথমে আক্ৰমণৰ ঘটনা সংঘটিত কৰি দুষ্কৃতিকাৰীৰ দলটোৱে চৰাব ৰাভাৰ বাসগৃহ লণ্ডভণ্ড কৰে৷ বাঁহৰ যাঠী লৈ খিৰিকীৰে আক্ৰমণ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে শুই থকা চৰাব ৰাভাৰ পুত্ৰৰ৷ তাৰ পিছত দলটোৱে জয়পুৰৰ গোবৰ্ধন ৰাভাৰ ঘৰত আক্ৰমণ কৰে৷ আক্ৰমণকাৰী দলটোৱে উলুপাৰত দুটাকৈ পৰিয়ালৰ ঘৰতো আক্ৰমণ কৰি ঘৰৰ ক্ষতি কৰে৷ ইফালে, এই আক্ৰমণৰ ঘটনাত উত্তেজিত হৈ আন এটা অচিনাক্ত দুষ্কৃতিকাৰীৰ দলে প্ৰথমে গামেৰীমূৰাস্থিত আৰছু কাৰ্যালয় লণ্ডভণ্ড কৰে৷ ইয়াৰ পিছত দলটোৱে কাৰ্যালয়ত থকা যুৱকক বেয়াকৈ প্ৰহাৰ কৰে৷ দলটোৱে কাৰ্যালয়ৰ চকী-মেজ ভঙাৰ উপৰি চৌহদত থকা দুখন বাইক ভাঙি পেলায়৷ ইয়াৰ উপৰি ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ এলেকাধীন অসম-মেঘালয় সীমান্তৰ মালাং, গামেৰীমূৰাত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰে৷ দলটোৱে নিতেন ৰাভাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দেবে ৰাভা, অভিজিত ৰাভা, কুশল ৰাভা আৰু সুবল ৰাভাৰ ঘৰৰো ক্ষতি সাধন কৰে।