
অসমৰ আধুনিক অসমীয়া কবিতাৰ জগতত অন্যতম নাম হৈছে নীলিম কুমাৰ৷ নীলিম কুমাৰৰ কবিতা ৰাজ্যৰ লগতে ৰাষ্ট্ৰব্যাপি চৰ্চিত হৈ আহিছে৷ পেচাত চিকিৎসক নীলিম কুমাৰে ১৯৮৪ চনৰ পৰা কবিতাৰ চৰ্চা কৰিছিল৷ অসমৰ এই সময়ৰ প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক হিচাপে সমাদৃত কবি নীলিম কুমাৰে সদায়েই মানুহৰ অধিকাৰ, প্ৰেম, সমন্বয়, নাৰী আদি বিষয়ত কবিতাৰ লিখি প্ৰসিদ্ধ হোৱা নীলিম কুমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰি আহিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কবিতা পাঠ অনুষ্ঠানত অংশ লৈ অসমীয়া কবিতাৰ ক্ষেত্ৰখনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে৷ নিপীড়িত, অসহায় মানুহৰ অধিকাৰৰ হকে কবিতা লিখা বিশিষ্ট কবি নীলিম কুমাৰে আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিলে৷ শাসকৰ জনবিৰোধী কাম-কাজৰ বিৰুদ্ধে কমলৰ নিবেৰে প্ৰতিবাদ কৰা কবি নীলিম কুমাৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান প্ৰদানৰ ঘোষণা কৰা হৈছে৷ মহাৰাষ্ট্ৰৰ এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ে কবি নীলিম কুমাৰক ‘কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা’ৰে সন্মানিত কৰাৰ ঘোষণা কৰিছে৷ মহাৰাষ্ট্ৰৰ যশৱন্তৰাও চমন মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয়ে ১২ ফেব্ৰুৱাৰীত কবিগৰাকীক এই বঁটা প্ৰদান কৰিব। বঁটাত আছে ১ লাখ টকা আৰু স্মাৰক থাকিব৷ কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ একমাত্ৰ কবি হ’ব নীলিম কুমাৰ। ইয়াৰ পূৰ্বে দেশৰ বহু বিশিষ্ট কবিক এই বঁটা প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনে বিশিষ্ট মাৰাঠী কবি কুসুমাগ্ৰজৰ নামত ২০১০ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে।