

বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সংৰক্ষণক লৈ বিদেশত দিয়া মন্তব্যক উভতি ধৰি বিজেপিয়ে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজেপিৰ অনুসূচিত জাতি মৰ্চাই কেইবা শতাধিক নেতা-কৰ্মীৰ উপস্থিত উলিওৱা সমদলত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ উজানবজাৰৰ হনুমান মন্দিৰৰ পৰা ৰাজপথ কপাই ৰাজভৱনলৈ যাত্ৰা কৰা বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছ হায়ঃ হায়ঃ, ৰাহুল গান্ধী মুৰ্দাবাদ, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গান দি আকাশ বতাহ কপাই তোলে৷ বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে নেতৃত্ব দিয়া প্ৰতিবাদত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে৷ গুৱাহাটীৰ সাংসদ কলিতা মেধিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাহুল গান্ধীয়ে ভাৰতৰ বাহিৰলৈ গৈ ভাৰতবৰ্ষৰ বিৰুদ্ধে কথা কয়৷ দেশক হেয় প্ৰতিপন্ন কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ কৰক।