
ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত অসমৰ বিভিন্ন অঞ্চলত সংখ্যালঘু সংগঠনসমূহে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে শ্ৰীভূমি জিলাত ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। গুৱাহাটী, শ্ৰীভূমি আদি ঠাইত মুছলিম ষ্টুডেণ্ট ইউনিয়ন (মুছা), এমজেপিচি আদি সংগঠনে চৰকাৰী বিৰোধী শ্ল’গানৰ মাধ্যমেৰে আইনখনৰ বিৰোধিতা কৰে।
মুছাৰ নেতৃস্থানীয়সকলে অভিযোগ কৰে যে ৱাকফ আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে মুছলমানৰ ধৰ্মীয় আৰু সাংবিধানিক অধিকাৰ হনন কৰিব বিচাৰিছে। “এই আইনে ৱাকফৰ ভূমিৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰি সংখ্যালঘুৰ স্বাৰ্থত আঘাত হানিছে। যদি দাবী মানি নলয়, আমি উচ্চতম ন্যায়ালয়লৈ যাম,” বুলি তেওঁলোকে ঘোষণা কৰে।
উত্তেজনাপূৰ্ণ পৰিস্থিতি ৰোধৰ উদ্দেশ্যে শ্ৰীভূমি জিলা প্রশাসনে ধাৰা ১৬৩ জাৰি কৰি পাঁচ বা ততোধিক ব্যক্তিৰ সমাৱেশ, অস্ত্ৰ-বিস্ফোৰকৰ ব্যৱহাৰ, আৰু লাউডস্পিকাৰৰ অনুমতিবিহীন ব্যৱহাৰ নিষিদ্ধ কৰে। পাথাৰকান্দি আৰু নীলামবজাৰ থানা এলেকাত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এক সংবাদমেলত ৰাজ্যিক বিজেপি নেতা মমিনুল আৱালে কংগ্ৰেছৰ ওপৰত ৱাকফ ভূমি অবৈধভাৱে দখল কৰাৰ অভিযোগ আনে। “কংগ্ৰেছ নেতাসকলে দশকজুৰি ৱাকফৰ সম্পত্তি লুটপাট কৰিছে। আমাৰ শাসনত ৱাকফৰ ৰাজহ ৭০ হাজাৰৰ পৰা ২.৫৬ কোটিলৈ বৃদ্ধি পাইছে,” বুলি তেওঁ উল্লেখ কৰে। বিজেপি নেত্ৰী জেফ্ৰিন মেহজাবিনে কয়, “বিজেপিয়েই প্রথমে ৱাকফ সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিলে। সংখ্যালঘুসকলে আগতে ইয়াৰ বিষয়ে অজ্ঞ আছিল।”