

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপি নেতা ৰাজেন গোঁহায়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে পুনৰ মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে৷ উজনি-নামনি ঘুৰিবলৈ আৰম্ভ কৰি পুৰণি আৰু বঞ্চিত নেতাক একত্ৰিত কৰাত লাগিছে গোহাঁই৷ বুধবাৰে ডিমৌত, বৃহ্স্পতিবাৰে ডিব্ৰুগড়ত বৈঠক কৰিছিল গোহাঁয়ে৷ সভাত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল গোহাঁয়ে৷ বিজেপিক ঔপনিৱেশিক আখ্যা দি অসমক লুটি-পুটি খোৱাই লক্ষ্য বুলি কৈছিল৷ দিল্লীৰ নেতাই যি পাঠ দিব তাকেই কৰে৷ নামানিলে শাসন যাব৷ ঔপনিবেশিক শাসন বুলি কয়, যেনে ব্ৰিটিছৰ শাসন৷ অসমত যি আছে নি খাব লাগে৷ ভাষণ প্ৰদান কৰি ৰাজেন গোহাঁয়ে নতুন আঞ্চলিক দল গঠনৰ পোষকতা কৰিছিল৷ অসম গণ পৰিষদ, জাতীয় পৰিষদ, ৰাইজৰ দল গঠন হৈছে৷ আৰু এটা দল আমাৰো গঠন হ’ব পাৰে বুলি অকপটে স্বীকাৰ কৰিছিল৷ বিজেপিক ঔপনিৱেশিক, ইংৰাজৰ দৰে অসমক লুণ্ঠন কৰিছে, শোষণ কৰিছে বুলি কোৱা গোহাঁয়ে এইবাৰ ধেমাজি জিলাৰ গোগামুখত বিজেপি নেতা-কৰ্মীৰে বৈঠক অনুষ্ঠিত কৰিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক কথাবোৰ বহুবাৰ কোৱা বুলি উল্লেখ কৰি ৰাজেন গোঁহায়ে কয় যে মই কাৰ্য-কৰ্তাৰ সপক্ষে বহুবাৰ কৈছো৷ মই ৰাজ্যিক পৰ্যায়ৰ নেতা, কেন্দ্ৰীয় পৰ্যায়ৰ নেতাক কথাবোৰ কৈছো৷ তেওঁলোকৰ প্ৰতি কাণসাৰ নাই৷ বহু কৰ্মীৰে সৈতে মোৰ সঘন যোগাযোগ হয়৷ তেওঁলোকে ভুল সিদ্ধান্ত ল’বলৈ গৈ আছে৷ তেওঁলোকে বেলেগত যোগদান কৰিম বুলি কয়৷ এইসকল ব্যক্তি গুছি গ’লে আমাৰ দলটো দুৰ্বল হৈ যাব৷ এবাৰ দুৰ্বল হৈ গ’লে তাক পুনৰ উদ্ধাৰ কৰাটো কঠিন হৈ পৰিব৷ যদি গুছি যায় কাইলৈ কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিব পাৰে৷ কংগ্ৰেছ ক্ষমতালৈ আহিলে ডাঙৰ ক্ষতি৷ সেইকাৰণে মই পুৰণি বিজেপিৰ কৰ্মীৰ ওচৰলৈ আহিছো৷ অলপ ধৈৰ্য্য ধৰিবলৈ কৈছো৷ এতিয়াই কোনো সিদ্ধান্ত ল’ব নালাগে বুলি কৈছো৷ ইপিনে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বক অৱগত কৰিলে এইখিনি মানুহে ন্যায় পাব পাৰে বুলি কৈ গোহাঁয়ে কয় যে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিয়োগ কৰালৈ ৰ’বলৈ কৈছো৷ ৰাজেন গোহাঁয়ে কয় যে সেই দিনটোলৈ এওঁলোকক মই ৰখিব দিছো৷ আৰু যদি তাৰ পিছতো একো নহয় তেন্তে এওঁলোকে সিদ্ধান্ত ল’ব৷ যদি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত ভাল মানুহে আহে তেন্তে ন্যায় পাব, নহ’লে তোমালোকে যি সিদ্ধান্ত লোৱা ল’বা৷ ৰাজেন শিবিৰ বুলি একো নাই বুলি দাবী কৰি গোহাঁয়ে কয় যে পুৰণা-নতুন সকলোৱে মোৰ আপোন৷ পুৰণিখিনিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি দাবী কৰি গোঁহায়ে কয় যে পুৰণিখিনিৰ মই ত্যাগ, কষ্ট দেখা পাইছো৷ গোহাঁয়ে আৰু কয় যে মোৰ নেতৃত্বৰ দিনত বহু কৰ্মীয়ে সকলো ত্যাগ কৰি বহুত কষ্ট কৰিছে৷