অসমত অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় বৃদ্ধিৰ বাবে অসমৰ ভাৰত-বাংলা সীমান্তত ১২খন নতুন থানা গঠন কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিজৰ এক্স হেণ্ডেলত এই কথা সদৰী কৰে ।
“আমি বিশেষকৈ ৰোহিংগীয়াসকলৰ অনুপ্ৰৱেশৰ প্ৰতি শূন্য সহনশীলতা নীতি বজাই ৰাখিছো । যোৱা দুমাহত অসমে ১৩০তকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰীক বাধা দিছে্ । সামগ্ৰিকভাৱে ভাৰত-বাংলাদেশ সীমান্তৰ কাষেৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় বৃদ্ধি কৰিবলৈ ১২ খন নতুনকৈ থানা স্থাপনৰ পৰিকল্পনা কৰা হৈছে ।” মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ।
উল্লেখ্য যে, ভাৰতে-বাংলাদেশ সৈতে ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ সীমা ভাগ-বাটোৱাৰা কৰিছে ৷ ইয়াৰ ২৬২ কিলোমিটাৰ সীমা অসমে-বাংলাদেশৰ সৈতে ভাগ-বাটোৱাৰা কৰিছে ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসমত ৰোহিংগীয়া অনুপ্ৰৱেশক গুৰুতৰ ভাবুকি বুলি অভিহিত কৰি কয় যে ৰোহিংগীয়া অনুপ্ৰৱেশে ৰাজ্যখনৰ জনগাঁথনিগতভাৱে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে ।
ভাৰত চৰকাৰৰ পৰিসংখ্যা অনুসৰি ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ ৭৮ শতাংশতকৈও অধিক কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ।