৫ বছৰ পূৰ্বে পাঠশালাত, এইবাৰ নগাঁৱৰ হোটেলত অভিনেত্ৰী অমৃতা থকা কোঠাৰ দৰ্জা খোলাৰ প্ৰয়াস

ৰাস মহোৎৱত অংশগ্ৰহণ কৰিবলৈ আহি এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে । বিগত ২১ নৱেম্বৰত এগৰাকী বান্ধৱীৰ সৈতে নগাঁৱৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছিল অমৃতা ৷ বান্ধৱীৰ সৈতে অহা অভিনেত্ৰী অমৃতাক ৰাস কমিটীয়ে হোটেল চানযুক্তিৰ ৩০৪ নম্বৰ কোঠাটো বুক কৰি দিছিল ৷

ৰাসৰ অন্তত নিশা হোটেল চানযুক্তিৰ ৩০৪ নম্বৰ কোঠালৈ উভিতিছিল অমৃতা গগৈ । প্ৰায় 3 মান বজাত আজৰি হৈ তেওঁলোক দুয়ো শুবলৈ যায় ৷ কিন্তু পুৱা প্ৰায় 5 মান বজাত অকস্মাতে সাৰ পাই যায় অমৃতা ৷ উঠি দেখে যে তেওঁৰ বান্ধৱীগৰাকীয়ে দুৱাৰৰ ফালে চাই আছে ৷ অমৃতাৰো চকু সেইফালে যোৱাত দেখিলে যে দুৱাৰৰ লকটো লাহে লাহে ঘূৰি আছে ৷

তাৰ পিছতেই পুৱতি নিশা কোনো অচিনাক্ত লোকে অভিনেত্ৰীগৰাকী থকা কোঠাটোৰ দুৱাৰৰ লক ভাঙিবলৈ চেষ্টা কৰা বুলি সামাজিক মাধ্যমযোগে অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে ।দেওবাৰে নিশা ফেচবুক লাইভৰ জৰিয়তে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰি হোটেলখনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰে অভিনেত্ৰী অমৃতা গগৈয়ে ৷

আনকি হোটেল কৰ্তৃপক্ষই চিচি টিভিৰ ফুটেজ দেখুওৱাবলৈয়ো সক্ষম নোহোৱাৰ অভিযোগ তোলাৰ পাছতেই তোলপাৰ লাগে । এতিয়া অভিনেত্ৰীগৰাকীৰ অভিযোগ সন্দৰ্ভত মুখ খুলিছে হোটেল কৰ্তৃপক্ষই । সামাজিক মাধ্যমযোগে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে নগাঁও বৰঘাট বাইপাছস্থিত হোটেল চানযুক্তিত সন্মুখীন হোৱা ভয়ংকৰ ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰাৰ পাছত হোটেল ‘চানযুক্তি’ৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

প্ৰকৃততে হোটেল কৰ্তৃপক্ষ, ৰাস কমিটী আৰু অভিনেত্ৰীগৰাকীৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ অভাৱতহে চিচি টিভি কেমেৰাৰ দৃশ্য অভিনেত্ৰীগৰাকীয়ে পোৱাত পলম হৈছে বুলি সদৰী কৰিছে হোটেল কৰ্তৃপক্ষই ।

ইফালে একে নিশাই হোটেলখনলৈ অহা নেপালৰ এটা তীৰ্থযাত্ৰীৰ দলৰ কোনো সদস্যই ভুলবশতঃ অভিনেত্ৰীগৰাকী থকা কোঠাৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে হোটেল কৰ্তৃপক্ষই ।

৫ বছৰ পূৰ্বে থিয়েটাৰত কাম কৰাৰ সময়ত পাঠশালাৰ এখন লজত সংঘটিত হোৱাৰ দৰেই অমৃত গগৈৰ সৈতে একেই ঘটনা সংঘটিত হৈছে৷ প্ৰায় এমাহৰ বাবে নামনি অসমৰ পাঠশালাত লজৰ কোঠাত থকাৰ সয়তে এদিন পুৱা প্ৰায় ৭ বাজি ৩০ মিনিটত এজন ল’ৰাই বাথৰুমত খিৰিকিৰে জুমি চাই থকা দেখিছিল৷ তেতিয়াই এটা ইউটিউব চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে৷ ৫ বছৰ পূৰ্বে লজখনৰ বিৰুদ্ধে এই অভিযোগ অনাৰ পিছতে অমৃতা গগৈৰ ছবি ‘প্ৰতিঘাত’ নামৰ বোলছবিখনে মুক্তি পাইছিল৷ ২০১৯ চনৰ ৬ ডিচেম্বৰত ছবিগৃহলৈ আহিছিল ‘প্ৰতিঘাত’৷ ৬ ডিচেম্বৰত পূৰ্বে এই সাক্ষাৎকাৰ দিয়াত অমৃতা গগৈৰ মন্তব্যক লৈ ৰাজ্যত ব্যাপক চৰ্চা হৈছিল৷

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…