১৫ ছেপ্টেম্বৰত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী; কি কৰিব পাৰিব কি নোৱাৰিব

তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৈ আজি এক সংবাদ মেলৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সন্দৰ্ভত আয়োজিত এই সংবাদ মেলত আগন্তুক ১৫ তাৰিখে অনুষ্ঠিত হ’ব লগা পৰীক্ষাত ৰাজ্যৰ ১১,২৩ ,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব বুলি জনায়।

ৰাজ্যৰ ২৮ খন জিলাত মুঠ ২৩০৫ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৪৩৯ টা পৰীক্ষা কেন্দ্ৰক স্পৰ্শ কাতৰ বুলি চিনাক্ত কৰা হৈছে।

পৰিক্ষাত অসৎ উপায় অৱলম্বন কৰিলে বিপদ হ’ব প্ৰাৰ্থীৰ। সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে।

পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ ১০০ মিটাৰলৈ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ জাৰি কৰা হ’ব ।

পৰিক্ষা কেন্দ্ৰত বাধ্যতামূলক CCTV, স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হ’ব বুলিও সংবাদ মেলত জনায়।

পৰীক্ষাৰ্থীসকলে কেবল Admit card, কলম, নগদ টকাক বাদ দি পৰীক্ষা হললৈ আন একো নিব নোৱাৰিব।

আনহাতে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে পৰীক্ষাৰ দিনটোত ৰাজ্যত ১২ খন অতিৰিক্ত ৰেল চলিব। বাছ আৰু ৰাজহুৱা পৰিবহন সুচল কৰাৰ বাবে জিলা আয়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা।

আনহাতে Strong Room ত ৰখা হ’ব পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহী।

১৫ তাৰিখৰ পৰিক্ষাত থাকিব মুঠ ১৫০ নম্বৰ। সকলো প্ৰশ্ন ১ নম্বৰৰ হ’ব।

ইফালে প্ৰয়োজনত দেওবাৰে ৰাজপথত বহা বজাৰ স্থানান্তৰিত কৰা বা বেলেগ দিনা কৰাৰ বাবে জিলা আয়ুক্তক আলোচনা কৰাৰ বাবে কোৱা হৈছে।

Related Posts

ৱাকফ আইন বাতিলৰ দাবীত চচলত আমছুৰ উত্তাল প্ৰতিবাদ

আজি গুৱাহাটী মহানগৰীৰ চচলত আমছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ২ সহস্ৰাধিক আমছুৰ নেতা-কৰ্মীয়ে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৱাকফ সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে৷ চচলৰ আকাশ-বতাহ কপাই আমছুৱে…

নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত ৰে’ল দুৰ্ঘটনা

এইবাৰ অসম সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাগ্ৰস্ত ৰে’ল খনৰ নম্বৰ ১২১৭৮৷ উত্তৰ অসমত চলন্ত ৰে’লৰ ইঞ্জিন চ্যূত হোৱাত প্ৰায় চাৰি কিঃমিঃ পৰ্যন্ত ইঞ্জিন অকলে গতি কৰে৷ ইঞ্জিনৰ পৰা দবাচ্যূত হোৱাৱাত…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…