মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা ৫ গৰাকী বাংলাদেশী নাগৰিকক আটক

এইবাৰ মানকাচৰত আটক ৫ গৰাকী বাংলাদেশী নাগৰিক। নিশা মানকাচৰ আৰক্ষীৰ নাকা তালাচীৰ সময়ত অসম মেঘালয়ৰ সীমান্তৰ মানকাচৰৰ মিৰজুমলা পথত আটক কৰে বাংলাদেশী নাগৰিক কেইজনক।

ধৃত বাংলাদেশী নাগৰিক সকলৰ দুজন পুৰুষ আৰু তিনিগৰাকী মহিলা বুলি জানিব পৰা গৈছে। ধৃত বাংলাদেশী নাগৰিক কেইজনে মেঘালয়ৰ ডালু অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল।

নিশা প্ৰায় ১০ বজাত আৰক্ষীৰ নাকা তালাচীৰ সময়ত ধৃত বাংলাদেশী কেইগৰাকী মেঘালয়ৰ পৰা এখন টেম্পোৰে মানকাচৰত অহাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটক কৰা ধৃত বাংলাদেশী পাঁচ গৰাকী ক্ৰমে আকাশ হুছেইন, ছফিকুল মণ্ডল, ছাবিনা আফতান, ছানতা বেগম আৰু পিংকি আখতাৰা বুলি জানিব পৰা গৈছে।

বাংলাদেশী নাগৰিক কেইগৰাকীক মানকাচৰ অভিমুখে লৈ অহা টেম্পো চালকজনকো আটক কৰিছে। ধৃত টেম্পো চালকজন মানকাচৰ থানা এলেকাৰ পেছাৰকান্দি গাঁৱৰ আখিৰুল ইছলাম বুলি জানিব পৰা গৈছে।

AS 17 C3808 নম্বৰৰ টেম্পোৰে মেঘালয়ৰ পৰা মানকাচৰ অভিমূখে আহিছিল বাংলাদেশী পাঁচ গৰাকী।

সম্প্ৰতি, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক মানকাচৰ থানাত উপস্থিত হৈ ধৃত বাংলাদেশী কেইজনক সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ