২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব পাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে স্বত্ব বিচাৰি আন্তঃৰ্জাতিক অলিম্পিক সন্থাৰ ওচৰত আবেদন জনাইছে ভাৰতে।প্ৰধানমন্ত্ৰী মোডীৰ সপোন আছে ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ।
ভাৰতীয় অলিম্পিক সন্থাই ১ নৱেম্বৰত এই সন্দৰ্ভত পত্ৰ আই অ’ চি লৈ প্ৰেৰণ কৰিছে। ভাৰতৰ লগতে ২০৩৬ ত অলিম্পিক আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰা আন কেবাখনো দেশ আছে। তাৰ ভিতৰত চৌদি আৰৱ, কাটাৰ, মেক্সিকো, ইণ্ডোনেছিয়া,পোলেণ্ড,দক্ষিণ কোৰিয়া আদি অন্যতম।