অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ মই আগ্ৰহী নহয়ঃ নাহেন্দ্ৰ পাদুন

অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি। বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিতৰ্কই সাহিত্য়ানুৰাগীৰ চকু কপালত তুলিছে ।

সাহিত্য সভাৰ সভাপতিৰ বাবে চৰ্চা হোৱা বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত অন্য়তম হৈছে ড৹ নাহেন্দ্ৰ পাদুন । কিন্ত অসম সাহিত্য সভাই গঠন কৰা উচ্চস্তৰীয় কমিটীৰ দায়িত্বত আছে ড৹ নাহেন্দ্ৰ পাদুন । তেনেস্থলত সাহিত্য সভাক লৈ সৃষ্টি হোৱা বিৰ্তকক লৈ দেওবাৰে ডিব্ৰুগড়ত মন্তব্য কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।

অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ তেওঁ আগ্ৰহী নহয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। উল্লেখ্য যে, বহু কেইখন মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক ড৹ নাহেন্দ্ৰ পাদুনে আজি ডিব্ৰুগড়ত উপস্থিত হৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মই সাহিত্য সভাক ভাল পাওঁ । সেয়ে সেৱা আগবঢ়াই আহিছো ।

লগতে কয়, সাহিত্য সভাৰ সভাপতি হ’বলৈ কোনোদিন মই যত্ন কৰা নাই । ইয়াৰ পূৰ্বেও মোৰ নাম জোৰ কৰি দিছিল । এইবাৰো মোৰ নাম দিছে, কিন্তু মই সন্মতি প্ৰদান কৰা নাই । বহু বছৰ ধৰি সাহিত্য সভাৰ বিভিন্ন দায়িত্ব পালন কৰি সেৱা আগবঢ়াই আহিছো । সভাপতিৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰি মোক বদনাম কৰিছে । সভাপতি নোহোৱাকৈ সাহিত্য সভাৰ কাম কৰিব পাৰি ।”

  • Related Posts

    ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…

    ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…

     মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…