জনজাতিকৰণ, ধেমাজিৰ ৰাজপথত আটাছুৰ উত্তাল প্ৰতিবাদ

কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰামৰ বিতৰ্কিত মন্তব্যকলৈ তীব্ৰ প্ৰতিবাদ কৰি গৈছে ছয় জনগোষ্ঠীয়ে। আজি ধেমাজিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আটাছুৱে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আটাছুৰ শতাধিক কৰ্মীয়ে চৰকাৰী বিৰোধী শ্ল’গান দি ধেমাজি সদৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ কপাই তোলে৷ কেন্দ্ৰীয় চৰকাৰ হায়ঃ হায়ঃ, অসম চৰকাৰ হায়ঃ হায়ঃ, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম মুৰ্দাবাদ, আমাক এছটি লাগিবই, ছয় জনগোষ্ঠী জাগিছে, আমাক শোষণ কৰা বন্ধ কৰক আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈ, ধেমাজি জিলাৰ সম্পাদক পংকজ বৰগোহাঁই উপস্থিতিত সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত দীৰ্ঘসময় ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে৷ নেতাদ্বয়ে কয় যে চৰকাৰে জনজাতিকৰণ কৰাৰ নামত ছয় জনগোষ্ঠীক ৰামঠগন দিছে৷ কেন্দ্ৰীয় জনজাতি দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে অদ্ভুত মন্তব্য দিছে৷ প্ৰতিখন চৰকাৰে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিছে৷ এইবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক শেষ সকীয়নি প্ৰদান কৰিছো৷ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ ২০২৬ৰ নিৰ্বাচনত দিয়া হ’ব৷ বিজেপি চৰকাৰখনক উচিত উত্তৰ দিবই লাগিব বুলিও কয় আটাছুৰ নেতা দুজনে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে