কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ পাছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অসমত অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ সংগঠনটোৱে কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাৰ ওপৰত আৰক্ষীয়ে সংঘটিত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক গৰিহণা দি অসমত বিগত কিছুদিন ধৰি অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱা বুলি দাবী কৰিছে৷ সংগঠনটোৱে পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক। সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই কয় যে অসমত শেহতীয়াকৈ অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক এই বিষয়ত অৱগত কৰি শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছো৷ অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱা বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ দাবী জনাইছো৷ বিশেষকৈ ১৫ নৱেম্বৰত জমেটত ডেলিভাৰী বয় ৰূপে কৰ্মৰত অনুসূচিত জাতিৰ যুৱক জ্ঞানদীপ হাজৰিকাক ৰাজহুৱা স্থানত হত্যাৰ প্ৰয়াস কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাও৷ সমস্ত ঘটনা বিৱৰণ দি অৱগত কৰিছো৷ নেতাদ্বয়ে ৰাজ্যৰ দুটা ঘটনাৰ কথা উল্লেখ কৰি কয় যে ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক ৰাজ্যত সংঘটিত দুটা ঘটনাৰ কথা উল্লেখ কৰি সোনকালে হস্তক্ষেপ কৰাৰ দাবী জনাও৷ অসম চৰকাৰে অনুসূচিত জাতিৰ লোকক সুৰক্ষা দিব পৰা নাই কিয় তাক লৈ ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক জবাবদিহী কৰক৷ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনাও৷ আৰক্ষী বিষয়া ভাৰ্গৱ বৰাৰ বিৰুদ্ধে হত্যাৰ ধাৰাত গোচৰ ৰুজু কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়াৰো দাবী জনাও৷ অনুসূচিত জাতিৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈও কোৱা হৈছে৷ এক বিবৃতিত ঘটনাৰ বিৱৰণ দি অনুসূচিত জাতিৰ সংগঠনটোৱে কয় যে ১৫ নৱেম্বৰৰ সন্ধিয়া ৭ বজাত অসমৰ ৰাজধানী গুৱাহাটীৰ ফাঁচী বজাৰ এলেকাত অনুসূচিত জাতিৰ যুৱকক ৰাজহুৱা স্থানত আৰক্ষী বিষয়াই হত্যাৰ প্ৰয়াস কৰা হৈছে৷ গুৱাহাটীৰ পাণ বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰ এলেকাত অনুসূচিত জাতিৰ জমেটত ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদীপ হাজৰিকাক হত্যাৰ প্ৰয়াস কৰিছিল৷ গুৱাহাটীৰ ফাঁচী বজাৰত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰজনক হত্যাৰ প্ৰয়াস কৰা ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ৰাজহুৱা হৈছে৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ নিবনুৱা জ্ঞানদ্বীপ হাজৰিকাৰ পিতৃ নাই৷ অনলাইন ফুড ডেলিভাৰী কোম্পানী জমেটোত ডেলিভাৰী বয় হিচাপে কাম কৰি ঘৰখনক সহায় কৰে৷ ডেলিভাৰী দিবলৈ যোৱাৰ সময়তে ফাঁচী বজাৰত সামান্য ভুলৰ বাবেই আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হ’বলগীয়া হয়। সন্ধিয়া ৭ বজাত ডেলিভাৰী বয় জ্ঞানদীপ পথেৰে স্কুটীৰে গৈ আছিল। সেই সময়ত পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই টানি আনি বেয়াকৈ মাৰধৰ কৰে। আৰক্ষী বিষয়া ভাৰ্গৱে ডেলিভাৰী বয় জ্ঞানদ্বীপক টানি নি কাষতে থকা ফুডষ্টল এখনৰ কাঠৰ ফ্ৰেমত চুলিত ধৰি জোৰ জোৰকৈ মূৰ থেকেচিয়াই থকা দেখা গৈছে। আৰক্ষী বিষয়াজনে এনেদৰে যুৱকজনক মূৰ থেকেচিয়াই প্ৰহাৰ কৰি হত্যাৰ প্ৰয়াস কৰিছিল বুলি দাবী কৰিছে সংগঠনটোৱে৷ ইপিনে, ১ নৱেম্বৰত নগাঁও জিলাৰ আমতল ডিমৰুগুৰিৰ ৭০ বছৰীয়া অনুসূচিত জাতিৰ মহিলা দুলু দাস আৰু নাতিনীক নিশা হত্যাৰ প্ৰয়াস কৰাৰ কথাও উল্লেখ কৰি সংগঠনটোৱে কয় যে দুলু দাসৰ পৰিয়ালক ঘৰ-মাটি এৰি যাবলৈ ধমকি দিছিল৷ দুলু দাসে প্ৰায় ১০ দিন হাস্পতালত ভৰ্তি হৈ থাকিল৷ কিন্তু চৰকাৰে খবৰ নল’লে আৰু দুৰ্বৃত্ত চিনাক্ত হোৱাৰ পিছতো আজিলৈ গ্ৰেপ্তাৰ নকৰিলে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকক ৪ নৱেম্বৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷ নগাঁও জিলাৰ আমতল ডিমৰুগুৰিৰ অনুসূচিত জাতিৰ ৭০ বছৰীয়া বৃদ্ধা দুলু দাস আৰু ১৩ বছৰীয়া নাতিনীক দলবদ্ধ আক্ৰমণ সংঘটিত কৰা দুষ্কৃতিকাৰী সুৰজিৎ দে’ক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ এই কথা ৰাষ্ট্ৰপতি আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক অৱগত কৰি শীঘ্ৰে হস্তক্ষেপৰ দাবী জনাইছো বুলিও কয় অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷