গুণ্ডা প্ৰকৃতিৰ অ’চি ভাৰ্গৱ বৰবৰাই ২০১৫ত জনজাতীয় যুৱকক হত্যা কৰিছিল!

কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক বৰ্বৰভাৱে প্ৰহাৰ কৰি পাণ বজাৰ আৰক্ষী থানাৰ পৰা খেদা খোৱা ভাৰ্গৱ বৰবৰাৰ কুকীৰ্তি পোহৰলৈ আহিব ধৰিছে৷ ৩০ অক্টোবৰত দীঘলীপুখুৰীৰপাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰীৰ গাত যতে-ততে হাত দি ৰাস্তাত বগৰাই প্ৰহাৰ কৰিছিল গুণ্ডা প্ৰকৃতিৰ ভাৰ্গৱে৷ তাৰ পাছতে ১৫ নৱেম্বৰত ৰাজহুৱা স্থানত কটৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক হত্যাৰ প্ৰয়াস কৰিছিল৷ এই দুটা কাণ্ডই নহয়৷ বদমেজাজী ভাৰ্গৱ বৰবৰাই ইয়াৰ পূৰ্বে এজন জনজাতীয় যুৱকক হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে৷ এজন জনজাতীয় যুৱকে নিশা ৰাস চাই ঘৰলৈ আহি থকাৰ সময়তে ভাৰ্গৱ বৰবৰাই যুৱকজনত হত্যা কৰি নদীত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰৰ জেল ৰোডত ডেলিভাৰী বয়ক ৰাজহুৱা স্থানতে হত্যাৰ প্ৰয়াস কৰা ভাৰ্গৱ বৰবৰাই গোৱালপাৰাত কৰ্মৰত অৱস্থাত এজন যুৱকক হত্যা কৰি পৰিয়ালটোক ভাবুকি দিয়াৰ কথা পোহৰলৈ আহিছে৷ সংবাদমাধ্যমত জ্ঞানদীপ কাণ্ডৰ কথা চৰ্চা হৈ থকাৰ সময়তে এগৰাকী যুৱতী আৰু এজন বৃদ্ধ লোকে ভাৰ্গৱ বৰাৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ৷ সাধাৰণ লোকৰ ওপৰত বৰমতা দেখুওৱা ভাৰ্গৱ বৰবৰাৰ ক’লা অধ্যায় পোহৰলৈ অনা যুৱতী আৰু বৃদ্ধই ৯ বছৰ আগৰ সেই দিনটোৰ কথা স্মৰণ কৰি চকুলো টুকিলে৷ ভাৰ্গৱে খাকী পোছাকত জনজাতীয় যুৱকৰ তেজৰ দাগ লগাই অনা কাণ্ড সংঘটিত কৰিছিল গোৱালপাৰা জিলাত৷ জ্ঞানদীপ হাজৰিকাক হত্যাৰ প্ৰয়াস কৰি পাণবজাৰ থানাৰ পৰা নিলম্বিত হোৱা অ’চি ভাৰ্গৱ বৰবৰাই ২০১৫ চনত এটা দৰিদ্ৰ পৰিয়ালৰ যুৱকক হত্যা কৰিছিল৷ তেতিয়াৰ পৰাই ভয়ত মুখ খোলা নাছিল পৰিয়ালটোৱে৷ কিয়নো পৰিয়ালক ভাবুকি দি থৈ আহিছিল বৰবৰাই৷ চকুপানীৰে বাট নেদেখা দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া সেই কথা ক’বলৈ সাহস গোটাইছে৷ ২০১৫ চনত গোৱালপাৰা চহৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল ভাৰ্গৱ বৰবৰা। চহৰ বিষয়া হিচাপে কৰ্তব্যৰত অৱস্থাত ভাৰ্গৱ বৰবৰাই পাহাৰতোলীৰ লোহিত কাছাৰী নামৰ যুৱক এজনক হত্যা কৰাৰ অভিযোগ উঠিছিল৷ সিদিনা নিশা পাহাৰতোলীৰ লোহিত কাছাৰীক সুৰাসক্ত অৱস্থাত প্ৰত্যক্ষ কৰি গোৱালপাৰা টাউন আৰক্ষীৰ লকআপত ভৰাই থৈছিল গুণ্ডা ভাৰ্গৱ বৰবৰাই৷ নিশা মাৰপিট কৰি হত্যা কৰি দলঙৰ পৰা পেলাই দিয়াৰ অভিযোগ উঠিছিল৷ পুৱা লোহিত কাছাৰী নামৰ যুৱকজনৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰৰ দাঁতিত। পৰিয়ালে দুৰ্ভগীয়া লোহিত কছাৰীক আৰক্ষী থানাৰ মানুহে ধৰি নিয়া বুলি অৱগত হয়৷ তাৰ পাছতে আৰক্ষীৰ সৈতে যোগাযোগ কৰে পৰিয়ালে৷ কিন্তু অন্য ঠাইৰ এখন হাস্পতালিত ভৰ্তি কৰা হৈছে আৰু নিশা দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৈছিল ভাৰ্গৱ বৰবৰাই৷ পৰিয়ালে সেই হাস্পতাললৈ গৈ পুত্ৰক চাব খোজে৷ তেতিয়া ভাৰ্গৱ বৰবৰাই মৰণোত্তৰ পৰীক্ষা কৰি থকা বুলি কয়৷ তেতিয়া পিতৃয়ে কয় যে মোৰ ল’ৰাৰ দুৰ্ঘটনা হৈ হৈছে৷ সামন্য দুখ পাইছে৷ কিয়নো মৰোণত্তৰ পৰীক্ষাৈ কৰা হৈছে৷ তেতিয়া লোহিত কছাৰীৰ পৰিয়ালক মুখ বন্ধ ৰাখিবলৈ ভাবুকি দিয়ে৷ পৰিয়াল তথা ৰাইজে সেই সময়তে লকআপত যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ আভিযোগ আনিছিল৷ লকআ’পত হত্যা কৰা পাছত ৰহস্যজনকভাৱে মৃতদেহ ওখ ঠাইৰ পৰা নদীত পেলাই দিয়াৰ অভিযোগ উঠিছিল৷ ভাৰ্গৱ বৰবৰাৰ বৰ্বৰতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিছিল ৰাইজে। কিন্তু ৰহস্যজনভাৱে শীৰ্ষ বিষয়াই গুৰুতৰ নিদিয়াত আজিলৈ ন্যায় নাপালে দুৰ্ভগীয়া জনজাতীয় পৰিয়ালটোৱে। লোহিত কছাৰীৰ ভগ্নীয়ে টিভিত ভাৰ্গৱ বৰাৰ ফটো দেখি ভাতৃক মনত পেলাই হুকহুকাই কান্দিবলৈ ধৰে৷ এনে আৰক্ষী বিষয়াক কিয় ৰাখিছে বুলি প্ৰশ্ন কৰে? এনে বিষয়াৰ ঠাই জেল হ’ব লাগি বুলি কৈ বৃদ্ধ পিতৃ আৰু ভগ্নীয়ে কয় যে ভাৰ্গৱ বৰাই আমাৰ পৰিয়ালক শেষ কৰি পেলাইছে। আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায় প্ৰদান কৰক৷ খাকীত তেজৰ দাগ লগোৱা ভাৰ্গৱ বৰবৰাক শাস্তিৰ দি ন্যায়ৰ দাবী কৰিছে লোহিত কাছাৰীৰ ভগ্নীয়ে৷ গোৱালপাৰাৰ দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিবনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ থলুৱাৰ কথা কোৱা চৰকাৰে ২০১৫ চনৰ ঘটনাৰ তদন্ত ঘোষণা কৰিব নে ৷ এয়াই লক্ষ্যণীয় হ’ব৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে