গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক

গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন বাৰৰ পৰা ওলাই পিতৃয়ে কিনি দিয়া স্কৰপিঅ’ চলাই প্ৰাণ হেৰুৱাইছিল দীপিত দে’ আৰু কনামিকা বসুমতাৰীয়ে৷ আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীয়ে দুৰ্ঘটনাৰ অন্যতম কাৰক বাৰসমূহক নাকী লগাবলৈ পণ লৈছে৷ আজি আবকাৰী আয়ুক্ত, আৰক্ষী আয়ুক্ত আৰু জিলা আয়ুক্ত আজি বাৰ-ৰেষ্টুৰেণ্টৰ মালিকৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ আবকাৰী বিভাগে গুৱাহাটীৰ ওভতগোৰে নচা বাৰসমূহক নাকী লগোৱাৰ ইংগিত দিছে৷ এমাহৰ ভিতৰত সকলো বাৰ কৰ্তৃপক্ষক চিচিটিভি লগাবলৈ কঠোৰ নিৰ্দেশ দিছে৷ অত্যাধিক সুৰাপান কৰি মাতাল হোৱা লোকসকলৰ বাবে বিশেষ ব্যৱস্থা ৰাখিব লাগিব প্ৰতিখন বাৰে৷ মাতাল লোকজনক মাতাল অৱস্থাত গাড়ী চলাই ঘৰলৈ যাব দিব নোৱাৰিব বাৰ কৰ্তৃপক্ষই৷ তেনে লোকে ৰাস্তাত গাড়ী চলাই গ’লে চলোৱা লোকজনৰ লগতে বাৰ কৰ্তৃপক্ষ দায়ী হ’ব৷ প্ৰতিখন বাৰ কৰ্তৃপক্ষই বাৰত অতিৰিক্ত চালক মজুত ৰাখিব লাগিব৷ যদি কোনো গ্ৰাহকে গাড়ী চলাই যাব নোৱাৰা অৱস্থা হয় তেন্তে সেই গ্ৰাহকজনক বাবৰ চালকে গাড়ীখন চলাই ঘৰত থৈ আহিব লাগিব৷ আবকাৰী আয়ুক্ত, আৰক্ষী আয়ুক্ত আৰু জিলা আয়ুক্তই গুৰুতৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীৰ বাৰ, ৰেষ্টুৰেণ্টত ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ আৰক্ষী আয়ুক্তই কয় যে ব্যৱসায় কৰক৷ চৰকাৰে দিয়া নিয়মসমূহ মানি চলিব লাগিব। বহুতে নিয়ম মানিছে আৰু বহুতে মনা নাই৷ প্ৰশাসনক জগৰীয়া কৰি থাকিলে নহ’ব। লগতে তেওঁ অভিযোগ কৰা মতে, মহানগৰীৰ বহুকেইখন বাৰ এণ্ড ৰেষ্টুৰেণ্টত ড্ৰাগছ বিক্ৰী হয়। অপৰাধজনিত ঘটনাৰ তদন্তত এই কথা পোহৰলৈ আহিছে। কোন কোন বাৰত ড্ৰাগছ বিক্ৰী কৰা হয় সকলো ডাটা আছে আমাৰ লগত। এইখিনি অতি সোনকালে বন্ধ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বহু যুৱতী-মহিলা বাৰ বা ৰেষ্টুৰেণ্ট লৈ যায়। যুৱতীক সুৰা ফ্ৰীত দিয়ে। সুযোগ লৈ বহু যুৱতী বাৰসমূহলৈ যায় আৰু অচিনাক্ত ব্যক্তিক টাৰ্গেট কৰে। তাৰ পিছত যুৱতীগৰাকীৰ লগত বহু নহ’বলগীয়া ঘটনা হয়। ২০২২ চনত গুৱাহাটীত ২৫৩ জন লোকৰ মৃত্যু হৈছে আৰু আহত হৈছে ৫১২ জন৷ ২০২৩ চনত গুৱাহাটীত ২৬৭ জন লোকৰ মৃত্যু হৈছে আৰু আহত হৈছে ৫৩৫ জন৷ চলিত বৰ্ষত গুৱাহাটীত ২৬৯ জন লোকৰ মৃত্যু হৈছে আৰু আহত হৈছে ৮১৮ জন লোক আহত হৈছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে