বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে পুৱাৰে পৰা দিল্লী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত ঘন কুঁৱলীৰ আচ্ছাদন পৰিলক্ষিত হয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি বুধবাৰে পুৱা ৰাজধানীখনৰ বায়ুৰ গুণাগুণ সূচকাংক ৪২২ লৈ হ্ৰাস পায়। সাধাৰণতে ৪৫০ৰ ওপৰৰ বায়ুৰ গুণাগুণ সূচকাংকক ‘চৰম’ বুলি গণ্য কৰা হয়। বিগত কিছুদিন ধৰি ৰাজধানীৰ বায়ুৰ গুণাগুণ সূচকাংকই ৪৫০ৰ সীমা অতিক্ৰম কৰিছিল। বুধবাৰৰ পুৱা ৰাজধানীৰ বায়ুৰ মানদণ্ড কিছু উন্নত হ’লেও দিল্লীৰ ১২টাতকৈও অধিক স্থানত এতিয়াও বায়ুৰ গুণাগুণ ‘অতি বিপজ্জনক’ স্তৰত আছে। উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংকই ভয়ংকৰ স্তৰত উপনীত হৈছে। কিন্তু বুধবাৰে বায়ুৰ গুণাগুণ সূচকাংকত সামান্য উন্নতি ঘটিলেও বিপদ শাম কটা নাই। ৰাজধানী আৰু কাষৰীয়া অঞ্চলত মুঠ ৩৫টা বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে প্ৰায় এক ডজন কেন্দ্ৰত বায়ুৰ গুণাগুণৰ সূচক ভয়াৱহ মাত্ৰাত আছে। এতিয়াও দিল্লীৰ ৰোহিনী, আনন্দ বিহাৰ, অশোক বিহাৰ, নাৰেলা, আলিপুৰ, ছোনিয়া বিহাৰ, বাৱন, মুণ্ডকা আৰু জাহাংগীৰপুৰী আদি অঞ্চলৰ বায়ুৰ গুণাগুণ সূচকাংক ৪৫০ৰ ওপৰত আছে। পুনৰ কোনো কোনো ঠাইত গুণগত মানৰ সূচকাংক ৫০০ পৰ্যন্ত হৈছে। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি বৃহস্পতিবাৰেও দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ পৰিব। সৰ্বোচ্চ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে আৰু সৰ্বনিম্ন ১২ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব। ইফালে দিল্লীত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ চতুৰ্থ (সৰ্বোচ্চ) স্তৰ (গ্ৰেডেড ৰেচপন্স একচন প্লেন ৪ বা GRAP ৪) প্ৰৱৰ্তন কৰা হৈছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে আদালতক অৱগত নকৰাকৈ চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ শিথিল কৰিব নোৱাৰিব। প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ সকলো বিদ্যালয়ে অনলাইন পাঠদান আৰম্ভ কৰিছে। আনকি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহেও অনলাইন পাঠ্যক্ৰম প্ৰদানৰ সিদ্ধান্ত লৈছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো অনলাইন ক্লাছ অনুষ্ঠিত হ’ব। কেৱল দিল্লীতে নহয়, গুৰুগ্ৰাম আৰু নয়দাৰ বিদ্যালয়তো অনলাইন ক্লাছ আৰম্ভ হৈছে। ৰেল আৰু বিমান সেৱা ব্যাহত হৈছে দৃশ্যমানতাৰ অভাৱৰ বাবে। লক্ষণীয় যে, চৰকাৰৰ প্ৰচেষ্টাৰ পিছতো নিয়ন্ত্ৰিত হোৱা নাই দিল্লীৰ প্ৰদূষণ। এনে পৰ্যায়ত ৰাজধানীত কৃত্ৰিম বৰষুণৰ প্ৰয়োজন বুলি দাবী কৰিছে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে। মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে মোদীৰ হস্তক্ষেপ বিচাৰে আৰু দিল্লীত কৃত্ৰিম বৰষুণৰ ব্যৱস্থা ল’বলৈ দাবী জনায়।
নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…
দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…