আমাৰ সংঘাত ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে,সেইসকলৰ লগতহেঃ জয়ন্ত মল্লবৰুৱা

 “আমাক কোনো সংখ্যলঘুৱে বেয়া নাপায় । যিসকল মানুহে অসম বা ভাৰতলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল’ব পৰা নাই, সেইসকলৰ লগতহে আমাৰ শত্ৰুতা থাকে । তাৰ বাহিৰে ধৰ্মক লৈ আমাৰ কোনো কথা নাই ।” এইবাৰ উপ নিৰ্বাচনত সংখ্যালঘুৰ ব্যাপক সমৰ্থন লাভৰ কথা কৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । বৃহস্পতিবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়,”কোনোবা মানুহ যদি অসমলৈ আহে, তেওঁ অসমৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব বা ভাৰতলৈ আহিলে ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব । অসমলৈ আহি অসমীয়া ভাষা-সাহিত্য, অসমীয়া সংস্কৃতিক সন্মান নকৰা মানুহৰ আমি বিৰোধ কৰিমেই । ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে স্ফূৰ্তি কৰে, সেই মানুহৰ লগতো আমি থাকিব নোৱাৰো । গতিকে আমাৰ সংঘাত ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে, সেইসকলৰ লগতহে ।”

মন্ত্ৰীগৰাকীয়ে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয়,”ৰকিবুল হুছেইনে ইমান দিনে এইবিলাক মানুহৰ দ্বাৰা কামসমূহ চলাই আছিল । আচলতে ৰকিবুল হুছেইনে যে দম, দাদাগিৰি কৰিয়ে জিকি আহিছিল, এইবাৰ সেয়া প্ৰমাণ হ’ব ।”

উল্লেখ্য যে অহা ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল ওলাব । এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেওঁ কয়, “ইতিমধ্যে নিৰ্বাচনৰ পাছত আমি পৰ্যালোচনা কৰিছো কাৰণ নিৰ্বাচনৰ আগত প’লিঙৰ কাৰণে হিচাপ পৰিৱৰ্তন হোৱা দেখা যায় । কিন্তু প’লিঙৰ পিছত কোনটো বুথত কিমান প’ল হৈছে, কেনেকৈ প’ল হৈছে বা কোনটো জনগোষ্ঠীৰ কিমান ভোটদান হৈছে এই সকলো চোৱাৰ পিছত আমি ১০০ শতাংশই নিশ্চিত যে আমি পাঁচটা সমষ্টিৰ পাঁচটাতে জিকিম ।”

চামগুৰি সমষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,”আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামগুৰিত আমি খুব সুন্দৰভাৱে জিকিম, যিটো হয়তো বহুত মানুহে ভাবিব পৰা নাই । মন্ত্ৰীগৰাকীয়ে বাকী চাৰিটা সমষ্টি তেওঁলোকৰ আগৰে ছীট বুলি উল্লেখ কৰি এইকেইটাত বেলেগে কেনেকৈ জিকিব বুলি প্ৰশ্ন কৰে । তেওঁৰ মতে এয়া সম্ভৱেই নহয় ৷

আনহাতে, ধলাই সমষ্টিতো একেবাৰে ন্যূনতম ১৫ৰ পৰা ২০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় । আৰু ৰাইজে ভালদৰে যদি মৰম দিছে তেন্তে, তাত এই সংখ্যা ৩০ হাজাৰলৈকেও যাব পাৰে বুলি তেওঁ দাবী কৰে ।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই থকা হৈছে । আনহাতে, বিৰোধীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়,”বিৰোধী ঐক্যমঞ্চ বুলি একো নাই । কংগ্ৰেছ এনেকুৱা এটা দল, যিয়ে আমাৰ বৰ অসমখনকে ৭ ভনী বনালে । কেইটামান দল লগ হৈ যি অসম বনাইছিল, সেইটো যে ভাগি যাব সেয়া আমি গঠন হোৱাৰ দিনাখনেই জানিছিলো । কংগ্ৰেছে অসমখনক কেতিয়াও জোৰা দিব নোৱাৰে ।” বিৰোধীয়ে অসমখনক ভাঙিবহে পাৰিব বুলি উল্লেখ কৰি এনেকুৱা দলক ৰাইজে আদৰি নলয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

আনহাতে, গৌৰৱ গগৈক কটাক্ষ কৰি তেওঁক কাগজৰ বাঘ আখ্যা দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তেওঁ কয়,”গৌৰৱ গগৈ কাগজৰ বাঘ । এই কথা ৰাজনীতিত অহাৰ সময়তে প্ৰমাণ হৈছে । সংবাদ মাধ্যমত প্ৰজেক্ট কৰিবলগীয়া নেতা নহয় গৌৰৱ গগৈ ।” তেওঁ পুনৰ কয় যে গৌৰৱ গগৈয়ে যিদিনাখন ৰাজনীতিলৈ আহিছে, সেইদিনাখনৰ পৰাই এয়া প্ৰমাণ হৈছে । তেওঁ লগতে কয়, “অসমৰ এচাম মানুহ আছে, যিয়ে আমাক বেয়া পায়, সেই চাম মানুহে গৌৰৱ গগৈক প্ৰজেক্ট কৰে, কথা সিমানেই ।” গৌৰৱ গগৈ ৰাজনৈতিক কৰিস্মা থকা নেতা নহয় বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

  • Brahmaputra Times

    Related Posts

    ভোটগণনাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন…

    ২৩ নৱেম্বৰ অৰ্থাৎ কাইলৈ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব । ৰাজ্যৰ পাঁচোটা সমষ্টিতে ইয়াক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । জিলা প্ৰশাসনেও নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ…

    মহানগৰীৰ জলসংকট! প্ৰতিবাদত নামিল আপ…

    গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হোৱাৰ প্ৰতিবাদত আজি মহানগৰীৰ চানমাৰিত আম আদমী পাৰ্টিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ-প্ৰশাসনে বিভিন্ন আঁচনি গ্রহণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ