কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

বৃহস্পতিবাৰে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলৰ গুণগত সূচকৰ মান (AQI) ৩৭৯ হৈছে।যোৱা কেইবাদিনো ধৰি দিল্লীত AQI ৪৫০ অতিক্ৰম কৰি প্ৰায় ৫০০ ৰ ঘৰ স্পৰ্শ কৰিছিল। মঙ্গলবাৰে প্ৰায় ৫০০ ত উপনীত হোৱা দিল্লীৰ AQI বুধবাৰে সামান্য হ্ৰাসহৈ হৈছে  ৪২২। তাৰ পাছত আজিৰ দিনটোত দিল্লীৰ AQI হয় ৩৭৯।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি বতাহৰ গুণগত মান যদি শূন্যৰ পৰা ৫০ ৰ ভিতৰত থাকে তেন্তে তেনে অৱস্থাক ‘ভাল’ পৰ্যায়ৰ বুলি ধৰা হয়। ৫১ ৰ পৰা ১০০ ৰ ভিতৰত থাকিলে ‘সন্তোষজনক’, ১০১ ৰ পৰা ২০০ ৰ ভিতৰত থাকিলে ‘সামান্য বেয়া’, ২০১ ৰ পৰা ৩০০ ৰ ভিতৰত থাকিলে ‘বেয়া’, ৩০১ ৰ পৰা ৪০০ ৰ ভিতৰত ‘অতি বেয়া’ আৰু ৪০০ ৰ পৰা ৫০০ লৈ ‘অতি ভয়ানক’ বুলি ধৰা হয়।

অৰ্থাৎ দিল্লীৰ বায়ুমণ্ডলৰ গুণগত সূচক মঙ্গলবাৰে ‘অতি ভয়ানক’ অৱস্থাৰ পৰা কিছু হ্ৰাস হৈ আজি ‘বেয়া’ অৱস্থালৈ সলনি হৈছে। অৱশ্যে দিল্লীৰ কিছু কিছু অঞ্চলত আজিও AQI ‘অতি ভয়ানক’ অৱস্থাতে আছে।

সামগ্ৰীকভাৱে AQI হ্ৰাস পালেও এতিয়াও দিল্লীৰ আকাশ ধোঁৱাবৰণীয়া এক আৱৰণে ঢাকি ৰাখিছে। দৃশ্যমানতা কম হোৱাৰ বাবে ৯৭ খন বিমানৰ চলাচলত পলম হৈছে বুলি জানিব পৰা গৈছে।

দিল্লীত সৃষ্টি হোৱা ভয়ানক বায়ু প্ৰদূষণৰ এনে পৰিস্থিতিৰ বাবেই ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখি অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে।

বাদ পৰি ৰোৱা নাই দিল্লী বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানো। দিল্লীৰ দৰেই ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰাণলায়লৈয়ো পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে এতিয়ালৈকে কৃত্ৰিম বৰষুণৰ ব্যৱস্থা হাতত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে