
গাহৰি-লাইশাকৰ জুতি লোৱাৰ কথা ভবাসকলে সেই আশা সদ্যহতে বাদ দিয়ক । কিয়নো, পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ । শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ উন্নয়ন খণ্ডৰ অধীনত থকা ইকৰাণি গ্ৰাণ্ট আৰু বৰ দেউধাই জাপিসজীয়া অঞ্চলত পুনৰ দেখা দিছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগে ।
সততে ভাৰতবৰ্ষত নোহোৱা এই গাহৰিৰ ৰোগত বিগত দুটা বছৰ ধৰি শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গাহৰি পশুধন আক্ৰান্ত হৈ আহিছে।ফলত হাজাৰ হাজাৰ পোহনীয়া গাহৰিৰ মৃত্যু হোৱাৰ লগতে ৰোগ প্ৰতিৰোধৰ বাবে বহু আক্ৰান্ত গাহৰি পশুপালন বিভাগৰ দ্বাৰা নিধন কৰা হৈছে।
শিৱসাগৰ জিলাত ধৰা পৰা এই ৰোগৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা দণ্ডাধীশ আয়ুস গাৰ্গে যোৱা মঙলবাৰে এক আদেশ জাৰি কৰি শিৱসাগৰ জিলাত গাহৰি মাংস ভক্ষণ পৰৱৰ্তী আদেশ জাৰি নকৰা পৰ্যন্ত বন্ধ ৰাখিছে।এই আদেশ অনুসৰি শিৱসাগৰ জিলাত গাহৰি ক্ৰয়-বিক্ৰয়, সৰৱৰাহ, নিধন আদি সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে জিলা দণ্ডাধীশে ।
গাহৰি পালকসকলক নিজা পশুধনক লৈ সতৰ্কতা অৱলম্বন কৰাৰ লগতে যিকোনো গাহৰিৰ মৃত্যু সন্দৰ্ভত বিভাগক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সেইদৰে মৃত গাহৰিৰ শ সাৱধানে পুতিবৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে ।