ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰাৰ পিছতো কিয় পৰাজিত হ’ল বিজেপি…

ৰাজ্য়ৰ পাঁচটা সমষ্টিত বিজেপি আৰু মিত্রজোঁটৰ অভূতপূৰ্ব সাফল্যৰ পাছতো সুখী হ’ব নোৱাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ মূলতে হৈছে ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল । বিজেপি নেতৃত্বাধীন এ ডি এয়ে মহাৰাষ্ট্ৰত সাফল্য অৰ্জন কৰিলে যদিও ঝাৰখণ্ডত এন ডি এ তথা বিজেপিৰ ছন্দপতন ঘটিল । ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেণৰ সন্মুখত এই নিৰ্বাচনী যুঁজত নিস্তেজ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

নিজৰ ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিপৰীতে ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত সৰ্বশক্তিৰে জঁপিয়াই পৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী । ঝাৰখণ্ডত অৰ্ধশতাধিক নিৰ্বাচনী সভা,ৰেলী আদিত অংশ লৈ জোৰদাৰ প্ৰচাৰ চলাইছিল । মাহৰ পিছত মাহ ধৰি ঝাৰখণ্ডৰ নিৰ্বাচনত ব্যস্ত থকাৰ বাবে বিৰোধীৰ ব্যাপক সমালোচনাৰো সন্মূখীন হৈছিল মুখ্যমন্ত্রীগৰাকী । কিন্তু তথাপি তেওঁ দেহে-কেহে লাগিছিল ঝাৰখণ্ডৰ নিৰ্বাচনত । দলীয় নেতৃত্বই চাণক্যৰূপে খ্যাত হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় সমগ্ৰ দায়িত্ব অৰ্পন কৰিছিল ।

তেওঁ আছিল ঝাৰখণ্ড বিজেপিৰ সহঃ নিৰ্বাচনী প্ৰভাৰী । হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডক তেওঁ দ্বিতীয় ঘৰ আখ্যা দিছিল । কিন্তু ঝাৰখণ্ডবাসীয়ে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি আৰু আশ্বাসত আস্থা নাৰাখিলে । ঝাৰখণ্ডত বেয়াকৈ হাৰিল এন ডি এ । এই নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিৰ লগতে পৰাস্ত হ’ল অসমৰ মুখ্যমন্ত্ৰীও ।

ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “অসম বিধানসভাৰ উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে বিজয় লাভৰ সমান্তৰালভাৱে ঝাৰখণ্ডত হোৱা পৰাজয় ব্যক্তিগতভাৱে মোৰ বাবে গভীৰ বেদনাদায়ক । ঝাৰখণ্ডৰ নিৰ্বাচনত সৰ্বস্ব সেৱাৰে আমাৰ কাৰ্যকৰ্তাসকলৰ অটল নিষ্ঠা আৰু নিৰন্তৰ প্ৰচেষ্টা প্ৰত্যক্ষ কৰিছিলো । আমি ৰাজ্যখনক অনুপ্ৰৱেশৰ পৰা সুৰক্ষিত কৰা, শিক্ষাৰ্থী আৰু যুৱ সমাজৰ আশা-আকাংক্ষা পূৰণেৰে ইয়াক উন্নয়নৰ পথত আগুৱাই নিয়াৰ বাবে এক দৃষ্টিভংগী আগত ৰাখি যুঁজ দিছিলো । আমি আজি বিনম্ৰতাৰে জনাদেশ গ্ৰহণ কৰিছো, কাৰণ এয়াই হৈছে গণতন্ত্ৰৰ প্ৰকৃত সাৰাংশ । এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত অটল সমৰ্থন আৰু সংহতিৰে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে দৃঢ়তাৰে থিয় দিম,এই দিশত আমি দায়বদ্ধ। লগতে কওঁ যে জে এম এম আৰু মিত্ৰশক্তিয়ে ঝাৰখণ্ডত যি আকৰ্ষণীয় বিজয় লাভ কৰিলে তাৰ বাবে হেমন্ত ছোৰেণ আৰু তেওঁৰ দলটিলৈ আন্তৰিক অভিনন্দন জনাইছো । মই আশা কৰো যে তেখেতৰ নেতৃত্বত ঝাৰখণ্ডে প্ৰগতি আৰু উন্নয়নৰ পথ গঢ়িবলৈ সক্ষম হ’ব ।”

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে