থলগিৰীৰ স্বাভিমানক লৈ ৰাজনীতি কৰা বিধায়ক পোনাকণ বৰুৱাই হাতৰ টকাৰে শ্বহীদৰ স্মৃতিত বেদী নিৰ্মাণ

থলগিৰীৰ স্বাভিমানক লৈ ৰাজনীতি কৰিছে একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা পোনাকণ বৰুৱাই আজি হাতৰ টকা ভৰি অসম আন্দোলনৰ শ্বহীদৰ নামত নিৰ্মাণ কৰা শ্বহীদ বেদী মুকলি কৰে৷ আঞ্চলিকতাবাদী ৰাজনীতি কৰা চাবুৱা সমষ্টিৰ বিধায়কগৰাকীয়ে লাহোৱাল সমষ্টিৰ ৰহমৰীয়াত অসম আন্দোলনৰ শ্বহীদ গোপেন বৰুৱা আৰু নিবাৰণ গোহাঁইৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ বেদী উন্মোচন কৰে৷ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ কোঁৱৰ গাঁও খেলপথাৰত পাৰিজাত যুৱ সংঘৰ সহযোগত নিৰ্মাণ কৰা শ্বহীদ বেদী আজি উন্মোচন কৰে বৰুৱাই কয় যে ১৯৭৯ চনৰ পৰ অসম আন্দোলন আৰম্ভ হৈছিল৷ ১৯৮৩ চন অসমৰ বাবে বিভীষিকাৰ বছৰ আছিল৷ এই আন্দোলনত অসমক ভালপোৱা প্ৰতিজন অসমীয়া, জাতি-জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছিল৷ আন্দোলনক কংগ্ৰেছ দলৰ চৰকাৰে বৰ্বৰভাৱে দমন কৰিছিল আৰু নিপীড়ন কৰিছিল৷ ৮৬০ জন লোকৰ শ্বহীদ হৈছিল৷ সেই সময়ত ৰহমৰীয়াৰ দুজন লোক শ্বহীদ হৈছিল৷ ১৯৮৩ চনৰ ১৩ ফেব্ৰুৱাৰীত সেইসময়ৰ চৰকাৰে জাপি দিয়া অবৈধ নিৰ্বাচন ওফৰাবলৈ যোৱা গোপেন বৰুৱা আৰু নিবাৰণ গোহাঁইক চিআৰপিএফে গুলীয়াই মাৰিছিল৷ সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে শ্বহীদ ঘোষণা কৰা দুই শ্বহীদক ৰাইজে স্মৰণ কৰি আহিছে৷ শ্বহীদৰ তালিকাত তেওঁলোকৰ নাম আছে৷ ৰহমৰীয়াবাসী আঞ্চলিকতাবাদী৷ ৰহমৰীয়াবাসী ৰাইজে শ্বহীদৰ ত্যাগক মহত্ত্ব দিয়ে৷ লগতে বিধায়কগৰাকীয়ে ভাষণত আৰু কয় যে অসম আন্দোলন এতিয়া অতীত হ’ব পাৰে, কিন্তু এই আন্দোলন কঢ়িয়াই অনা অসমৰ জাতীয়তাবাদী ভাৱধাৰা জী থকাৰ মূলতে হ’ল মহান আত্মবলিদান। সেই সময়ৰ তদানীন্তন চৰকাৰৰ উৎপীড়নমূলক তথা দমনমূলক স্থিতিয়েও অসমৰ ৰাইজৰ জাতীয়তাবাদী, আঞ্চলিক ভাৱধাৰাক বশীভূত তথা নিঃশেষ কৰিব নোৱাৰিলে। কিমান পৰিয়ালৰ যুৱকক চি.আৰ.পি.এফে গুলিয়াই হত্যা কৰিলে তাৰ হিচাপ নাই। অসম আন্দোলনৰ এনে এক বিভিষিকাময় ভয়াবহ সময়ত যেতিয়া অসমত অবৈধ নিৰ্বাচনৰ জাপি দিয়া হৈছিল৷ সেইসময়ত অসমত বিদেশী বহিস্কাৰ আন্দোলনে সৰ্বাত্মক ৰূপ লৈছিল। সেই সময়ত অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ লগতে চাবুৱা ৰহমৰীয়াৰ দৰে প্ৰত্যন্ত অঞ্চলতো আন্দোলন ব্যাপক প্ৰভাৱ পৰিছিল। সেই আন্দোলনতেই ৰহমৰীয়াত চি.আৰ.পি.এফৰ গুলীত নিহত অসম আন্দোলনৰ শ্বহীদ গোপেন বৰুৱা আৰু নিবাৰণ গোহাঁইৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে ৰাইজে পদক্ষেপ লৈছে। আজি পাৰিজাত যুৱক সংঘৰ উদ্যোগত ৰহমৰীয়া অঞ্চলৰ কোঁৱৰ গাঁৱৰ পাৰিজাত যুৱক সংঘৰ খেলপথাৰত সাংবাদিক প্ৰশান্ত কোঁৱৰে আঁতধৰা শ্বহীদ বেদী উন্মোচন অনুষ্ঠানত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই শ্বহীদ বেদী উন্মোচন কৰে৷ অগপৰ চাবুৱা সমষ্টিৰ প্ৰাক্তন সভাপতি লাচিত মাউত, গড়পৰা কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ঘনকান্ত বৰুৱা, অগপৰ চাবুৱা-লাহোৱাল সমষ্টিৰ নেতা নিপুল কোঁৱৰ, শিল্পী পেঞ্চনাৰ হেমন কোঁৱৰৰ লগতে বহুকেইজন অগপ স্থানীয় নেতা কৰ্মী আৰু ৰাইজ উপস্থিত থাকে। একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই ব্যক্তিগত পুঁজিৰে প্ৰায় ৩ লাখ ৫০ হাজাৰ টকা আৰ্থিক অনুদান প্ৰদান কৰা বুলি জানিব পৰা গৈছে৷

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    অপেক্ষা ৭ ডিচেম্বৰলৈ!

    “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ