“শৰাইঘাটৰ যুদ্ধ আছিল অসমীয়াৰ মৰণপণ যুঁজ, জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত লাচিত দিৱস অনুষ্ঠানৰ আয়োজন কৰে, য’ত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য তথা বিশিষ্ট ইতিহাসবিধ সঞ্জীৱ সান্যাল প্ৰমুখ্যে গন্য মান্য ব্যক্তিসকল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, সামুদ্ৰিক প্ৰতিষ্ঠানৰ কেডেটসকলে অংশগ্ৰহণ কৰে। আটায়ে অনুষ্ঠানৰ আৰম্ভণিতে মহান আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধার্ঘ অর্পণ কৰে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়- “ভাৰতৰ ইতিহাসৰ এগৰাকী প্রবাদপ্রতিম মহাবীৰ লাচিত বৰফুকনৰ শৌর্য-বীর্য, অদম্য শক্তি, সাহস আৰু বীৰত্বৰ কাহিনীয়ে দেশবাসীক অনুপ্ৰেৰণা যোগাই আহিছে। ঐতিহাসিক শৰাইঘাটৰ ৰণত মহাবাহু ব্ৰহ্মপুত্ৰত হোৱা মোগল আৰু অসমীয়া সৈন্যৰ বিশাল নৌ-যুদ্ধত মহান আহোম সেনাপতি লাচিত বৰফুকনৰ সুনিপুণ পাৰ্গতালি আৰু যুদ্ধকৌশল যুগে যুগে অমৰ হৈ আছে।

মহাবীৰ লাচিত বৰফুকনৰ দূৰদৰ্শী ৰণকৌশল, সবল নেতৃত্ব, পৰাক্ৰম আৰু অদম্য সাহসৰ ওচৰত ধৰাশায়ী হৈছিল ঔৰংগজেৱে পঠিওৱা বিশাল মোগল বাহিনী। মোগলক বীৰদৰ্পে পৰাজিত কৰি লাচিত বৰফুকনৰ নেতৃত্বাধীন অসমীয়া সৈন্যবাহিনীয়ে অসমৰ অস্তিত্ব আৰু ভৱিষ্যৎ সুৰক্ষিত কৰিছিল।

মহাবীৰ লাচিত বৰফুকনৰ অযুত বল- বিক্রম, স্বদেশপ্রেম আৰু কৰ্তব্যনিষ্ঠাই দেশবাসীক চিৰকাল অনুপ্ৰেৰণা যোগাই যাব। লগতে এখন শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ দিশত লাচিত বৰফুকনৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা অতুলনীয় দায়বদ্ধতা, কর্মচেতনা, আত্মনিৰ্ভৰ ৰণকৌশল আৰু সাহসৰ দৃষ্টান্ত আমাৰ বাবে পাথেয় হৈ থাকিব।”

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে লগতে কয়, “ঐতিহাসিক শৰাইঘাটৰ ৰণ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপথত যুঁজা সর্ববৃহৎ যুদ্ধ। লাচিতে তাহানিতে যুদ্ধক্ষেত্ৰৰ জৰিয়তে আভ্যন্তৰীণ জলপথৰ শক্তি-সম্ভাৱনাক উপলব্ধি কৰিছিল। লাচিতৰ দূৰদৰ্শিতাক উপলব্ধি কৰি আমিও ব্ৰহ্মপুত্ৰকে ধৰি দেশৰ জলপথৰ অপৰিসীম সুযোগ-সম্ভাৱনা, শক্তিক ৰাষ্ট্ৰ হিতৰ বাবে ব্যৱহাৰ কৰি ন ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…