ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী । ২০২৫ বৰ্ষৰ ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । মাঘ বিহুৰ পিছতে শিক্ষাৰ্থীয়ে বহিব লাগিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।
ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ২১-২২ জানুৱাৰীত :
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই সোমবাৰে প্ৰকাশ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ তালিকা । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই আজি প্ৰকাশ কৰা তালিকা মতে, ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ২১-২২ জানুৱাৰীত ।
একেদৰে মূল পৰীক্ষাসমূহ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব । প্ৰথমদিনা পুৱা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা । ৩ মাৰ্চত সমাপ্ত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ৰাজ্য চৰকাৰৰ নতুন শিক্ষানীতি অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ পূৰ্বৰ তুলনাত সলনি কৰা হৈছে । ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা । ৩ মাৰ্চ অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব ঐচ্ছিক গণিত, ভূগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গৃহ বিজ্ঞান, আৰবী, নেপালী বিষয় ।