মিচিং হস্ততাঁত বস্ত্ৰলৈ জি আই টেগ…

মিচিং হস্ততাঁত সামগ্ৰিক ২৫ নৱেম্বৰ, সোমবাৰে আনুষ্ঠানিক ভাবে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ কুৰালগুৰিস্থিত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে জনোৱা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত নতুন দিল্লীৰ হোটেল অবেৰয়ৰ সভাগৃহত হোৱা জি আই টেগৰ আন্তজাতিক কৰ্মশালাত আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক পংকজ কুমাৰ শৰ্মা আৰু সহ সম্পাদক গগন বৰদলৈৰ হাতত সেই স্বীকৃতি প্ৰমাণপত্ৰ আনুষ্ঠানিকভাবে প্ৰদান কৰে ৷

উল্লেখ্য যে চলিত বছৰৰ মাৰ্চ মাহতে মিচিং জনজাতি হস্ততাঁত সামগ্ৰীৰ জি আই টেগৰ স্বীকৃতি পঞ্জীয়ন হৈছিল ৷ উল্লেখ্য যে এই কৰ্মশালাত ভাৰতৰ উপৰিও ৰাছিয়া, জাপান, ইটালি, ফ্ৰাঞ্চকে ধৰি ২৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত আছিল ৷অনুষ্ঠানত অসমকে ধৰি ভাৰতৰ ১০ খন ৰাজ্যৰ বিভিন্ন সামগ্ৰীলৈ জি আই টেগৰ প্ৰমাণপ্ৰত্ৰ প্ৰদান কৰা হয় ৷

উক্ত আন্তৰ্জাতিক কৰ্মশালাত অসমৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে প্ৰদৰ্শন কৰা মিচিং বস্ত্ৰ আৰু অসমীয়া গামোচা বিভিন্ন ৰাষ্ট্ৰৰ অংশগ্ৰহণকাৰী বাণিজ্যিক প্ৰতিনিধিয়ে ক্ৰয় কৰাৰ বাবে আগ্ৰহী বুলি পঙ্কজ কুমাৰ শৰ্মাই জানিবলৈ দিছে ৷ নাবাৰ্ডৰ সহযোগত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে দুবছৰ ধৰি জি আই টেগ লাভৰ বাবে কৰা অহৰহ প্ৰচেষ্টাই অৱশেষত সফলতা লাভ কৰাত মিচিং জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজকো উৎফুল্লিত কৰিছে।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…