ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই অৱশেষত জামিন লাভ কৰে । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিওজনৰে জামিন মঞ্জুৰ কৰে । লগতে ট্রেডিং কেলেংকাৰীৰ আন দুজন অভিযুক্ত জিতেন ডেকা আৰু অভিজিত চন্দয়ো জামিন লাভ কৰে ।
আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্রেডিং কেলেংকাৰীৰ আন তিনিজন অভিযুক্ত সঞ্জীৱ ডেকা, চন্দন নাথ আৰু শুভ্ৰজ্যোতি কুৰ্মীৰ জামিন আবেদন নাকচ হয়।এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, “ট্রেডিং কেলেংকাৰীৰ আঠজন অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল । ইয়াৰে পাঁচজনৰ জামিন আদালতে মঞ্জুৰ কৰিছে । বাকী তিনিজনৰ জামিন আবেদন আদালতে নাকচ কৰিছে ।”
মন কৰিবলগীয়া যে চি বি আয়ে নিৰ্ধাৰিত সময়ত অভিযোগনামা দাখিল কৰিব নোৱৰাৰ বাবেই ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাই জামিন লাভ কৰিছে বুলি চৰ্চিত হৈছে যদিও এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, “এই সন্দৰ্ভত আদালতৰ কোনো আনুষ্ঠানিক নিৰ্দেশৰ কপি আমাৰ হাতত পৰা নাই । গতিকে এই সন্দৰ্ভত এতিয়া এই কথা ক’ব পৰা নাযাব ।” তেওঁ লগতে কয় যে জিতেন ডেকাক অসুস্থাৰ বাবে আদালতে জামিন দিছে ।
উল্লেখ্য যে ট্রেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু অভিজিত চন্দৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰত গোচৰটোৰ বিচাৰ আদালতত চলি আছে । আনহাতে, ট্রেডিং কেলেংকাৰীৰ আন এজন অভিযুক্ত জিতেন ডেকাৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত ৰুজু হোৱা ৯৩৪/২০২৪ গোচৰটোৰ বিচাৰ আদালতত চলি আছে ।