

আজি ২৬ নৱেম্বৰ। ভাৰতৰ ইতিহাসৰ পাতত আজিৰ দিনটোৰ স্মৃতি ক’লা চিয়াঁহীৰে খোদিত হৈছিল 2008 চনত ৷ সেইদিনা পাক সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই ভাৰত ভূমিত নৰমেধ যজ্ঞ পাতি খেলিছিল তেজৰ ফাকু ৷ মুম্বাই চহৰ সেইদিনা ত্ৰাসিত হৈছিল দানৱৰূপী সন্ত্ৰাসবাদীৰ বিভৎস হত্যালীলা দেখি ৷ আজিও সেই ভয়ংকৰ অধ্যায় দেশবাসীয়ে পাহৰিব পৰা নাই ৷
26/11 এইটোৱেই আছিল তাৰিখ, সমুদ্ৰ পথেৰে পাকিস্তানৰ পৰা ভাৰত ভূমিত প্ৰৱেশ কৰি লস্কৰ গোটৰ সন্ত্ৰাসবাদীয়ে মুম্বাইত চলাইছিল ভয়ংকৰ আক্ৰমণ ৷ অতি কমেও 174 গৰাকী লোকে প্ৰাণ হেৰুওৱা এই আক্ৰমণে দেশবাসীক কঁপাই তুলিছিল ৷ আহত হৈছিল কেবাশতাধিক লোক ৷ সমগ্ৰ বিশ্বই গৰিহণা দিছিল এই আক্ৰমণক ৷ আজি 26/11 ৰ আক্ৰমণৰ ঘটনাৰ 16 বছৰ হ’ল ৷
আজি দেশৰ ৰাষ্ট্ৰপতি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী,উপ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিভিন্নজনে এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে ৷ সেই আক্ৰমণত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দি ছহিদ হোৱা নিৰাপত্তাকৰ্মীসকলৰ প্ৰতিও শ্ৰদ্ধা জনাইছে মন্ত্ৰীদ্বয়ে ৷