দেউপাহাৰলৈ ভাল খবৰ…

গোলাঘাট জিলাৰ ঐতিহাসিক দেওপাহাৰৰ ভগ্নাৱশেষ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওপাহাৰ পৰিদৰ্শনৰ পিছত ভগ্নাৱশেষসমূহৰ সংৰক্ষণৰ বাবে বিশেষ আঁচনি ঘোষণা কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

দেওপাহাৰ পৰিদৰ্শনৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয়, “দেওপাহাৰৰ বিষয়ে আগতে মোক কোৱা হৈছিল যদিও মই নিজে অনুমান কৰিব পৰা নাছিলোঁ যে ইমান ডাঙৰ সম্পদ এটা দেওপাহাৰত লুকাই আছে । ইয়াত এনেকুৱা কিছুমান সম্পদ আছে যিবিলাক অষ্টম, নৱম শতিকাৰ । অসমত কিমান আগতেই প্ৰত্নতাত্ত্বিক সম্পদ আছিল সেই বিষয়ে ইয়াৰ পৰা এটা ডাঙৰ বৰ্ণনা পোৱা যায় ।”

তেওঁ লগতে কয়, “ইয়াত থকা মূৰ্তিবিলাকে যিসমূহ কাহিনী কৈছে, সেই কাহিনীসমূহ কোনোবাই লিখিলে অসম কিমান অগ্ৰণী ৰাজ্য আছিল সেয়া ওলাই যায় । অসমৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, কিন্তু ১২ শতিকাত লিখা ল বা বিভিন্ন ধৰণৰ শব্দাক্ষৰ ইয়াত আছে । আমাৰ দুৰ্ভাগ্য যে অসমত থাকি কাজিৰঙালৈ আহোঁ কিন্তু দেওপাহাৰলৈ অহা নাই ।”

দেওপাহাৰৰ পৰ্যটন সম্ভাৱনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মই ভাবো কাজিৰঙা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে নাজানে যে ইয়াত পুৰাতাত্ত্বিক সমল আছে । মই ঘূৰি গৈ মন্ত্ৰী অতুল বৰাৰ লগত আলোচনা কৰি এই দেওপাহাৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ লগে লগে ইয়াৰ সম্পদসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম । ইয়াৰ উপৰি ইয়াত আৰু বহু সমল উদ্ধাৰ হোৱা নাই, সেইবিলাক চেষ্টা কৰিলে ওলাব । গতিকে এই পাহাৰখনৰ সৰ্বাংগীণ বিকাশ পুৰাতাত্ত্বিক দিশৰ পৰা, পৰ্যটকৰ দিশৰ পৰা মই পৰ্যবেক্ষণ কৰি থাকিম আৰু কিবা ভাল খবৰ দিবলৈ চেষ্টা কৰিম ।”
  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…