চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ’ল হেমন্ত ছোৰেণ। আজি ৰাঁচীৰ মোৰহাবাদী ময়দানত আয়োজিত এক অনুষ্ঠানত হেমন্ত ছোৰেণে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত লয় । ৰাজ্যপাল সন্তোষ গাংৱাৰে তেওঁক শপত বাক্য পাঠ কৰায়।
হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়া ব্লকৰ শীৰ্ষ নেতাসকল। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
লগতে অংশ লয় বিহাৰৰ নেতা তেজস্বী যাদৱ, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উধায়ানিধি ষ্টেলিন, কংগ্ৰেছ নেতা তাৰিক আনৱাৰ, সাংসদ পাপ্পু যাদৱ আৰু আন বহু নেতাই। উল্লেখ্যযোগ্য যে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত ৫৬খন আসনেৰে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি আজি মুখ্যমন্ত্ৰী হ’ল হেমন্ত ছোৰেণ।