মানৱ সৰবৰাহ গোচৰকলৈ এন আই এৰ অভিযান…

মানৱ সৰবাৰহ গোচৰ সন্দৰ্ভত এনআইএয়ে দেশৰ ৬ খন ৰাজ্যৰ ২২ টা স্থানত অভিযান অব্যাহত ৰাখিছে । এই মানৱ সৰবৰাহত বিদেশী চক্ৰ জড়িত থকাৰ সন্দেহত এনআইএয়ে এই গুৰুত্বপূৰ্ণ অভিযানটো চলাইছে । প্ৰাপ্ত খবৰ অনুসৰি, এই অভিযান ৬ খন ৰাজ্যত চলি আছে আৰু মানৱ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ বহুতো দেশৰ সৈতে আছে ।

২০২৪ চনত এই সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএয়ে এটা গোচৰ ৰুজু কৰিছিল। এনআইএয়ে চাইবাৰ জালিয়াতিৰ গোচৰত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । চাইবাৰ জালিয়াতিৰ জৰিয়তে, বিহাৰৰ গোপালগঞ্জৰ যুৱকসকলক বিদেশত চাকৰি দিয়াৰ নামত প্ৰলোভিত কৰা হৈছিল, তাৰ পিছত যেতিয়া তেওঁলোক বিদেশলৈ গৈছিল, তেওঁলোকক এটা ভুৱা কল চেণ্টাৰত বন্দী কৰি ৰখা হৈছিল।

চাইবাৰ জালিয়াতিৰ কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল । একে সময়তে, এই চক্ৰটো ম্যানমাৰ লাওছৰ সৈতেও সম্পৰ্কিত বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পূৰ্বে, ৫ অক্টোবৰত এনআইএয়ে সন্ত্ৰাসবাদী ষড়যন্ত্ৰ আৰু সন্ত্ৰাসবাদৰ পুঁজি যোগানৰ সন্দেহত একেলগে ৫ খন ৰাজ্যৰ ২২ টা স্থানত তালাচী চলাইছিল । মহাৰাষ্ট্ৰ, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ, অসম আৰু দিল্লীত তালাচী চলোৱা হৈছিল । সন্ত্ৰাসবাদী সংগঠন জ

ইশ-ই-মহম্মদৰ সৈতে সম্পৰ্কিত গোচৰ সন্দৰ্ভত এই অভিযান চলোৱা হৈছিল । এনআইএয়ে বাৰামুলা আৰু জম্মু-কাশ্মীৰৰ অন্যান্য অঞ্চলতো অভিযান চলাইছিল । বাৰামুলাত ধৰ্মগুৰু ইকবাল ভাটৰ ঘৰত নিৰাপত্তা বাহিনীৰ সহায়ত এনআইএয়ে সেই সময়ত তালাচী চলাইছিল ।

১ অক্টোবৰত পশ্চিমবংগৰ কেইবাখনো জিলাত অভিযান চলোৱা হৈছিল । এনআইএৰ দলে দক্ষিণ ২৪ পৰগণা, আছানচোল, হাওৰা, নাদিয়া আৰু কলকাতাৰ ১১ টা স্থানত তালাচী চলাইছিল ।

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    অপেক্ষা ৭ ডিচেম্বৰলৈ!

    “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ