অসমৰ ব্যৱসায়ীক চুবুৰীয়া ৰাজ্যৰ বিদ্ৰোহীয়ে অপহৰণ কৰি নি ২৫ লক্ষ টকা দাবী কৰি ভিডিঅ’ মুকলি কৰাত অসম-নাগালেণ্ড সীমান্তত পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অপহৰণ কৰি নি বন্দী কৰি ৰখা অসমৰ ব্যৱসায়ী মুছলেক আলীৰ পৰিয়ালক মুক্তিপণ ২৫ লক্ষ টকা দাবী কৰি আজি ভিডিঅ’ মুকলি কৰিছে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনে৷ বন্দী কৰা লোকজনৰ মন্তব্য ৰেকৰ্ড কৰি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিছে বিদ্ৰোহী সংগঠনটোৱে৷ ২৫ লক্ষ টকা যোগাৰ কৰি বিদ্ৰোহী সংগঠনটোক দি মুকলি কৰি নিবলৈ পৰিয়ালক আহ্বান জনাইছে অপহৃত লোকজনে৷ অসম-নাগালেণ্ড সীমান্তৰ পৰা অপহৰণ কৰা মুছলেক আলীৰ ভাষ্য আজি প্ৰকাশ পোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চৰাইদেউৰ নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক মুকলি কৰি অনাৰ দাবীত ব্যৱসায়ী আৰু বিভিন্ন সংগঠনে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ আজি ভিডিঅ’ মুকলিৰ পাছতে পুনৰ নামতোলাত নাগালেণ্ড অভিমুখী পথ অৱৰোধ কৰে।আলীক মুকলি কৰি আনিবলৈ দুয়ো ৰাজ্যৰ আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ আনে প্ৰতিবাদকাৰীয়ে৷ প্ৰতিবাদস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। অপহৰণৰ পিছতে প্ৰথম ভিডিঅ’টো মুকলি কৰি মুছলেক আলীৰ বিৰুদ্ধে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় আৰু নগাৰ নতুন প্ৰজন্মক সেই দ্ৰব্য বিক্ৰী কৰি ধ্বংস কৰিব খোজাৰ অভিযোগতহে অপহৰণ কৰা হৈছে বুলি উল্লেখ কৰিছিল নগা দুৰ্বৃত্তই৷ কিন্তু সময় যোৱাৰ লগে লগে দুৰ্বৃত্তই মুখ্য বিষয়টোলৈ আহে৷ সেয়া হৈছে মুক্তিপণ৷ দ্বিতীয় ভিডিঅ’টোত মুছলেক আলীৰ ভাষ্য প্ৰকাশ পায়৷ মুছলেক আলীয়ে মুক্তিপণ ২৫ লাখ টকা দাবী কৰা বুলি কৈ পৰিয়ালক কাতৰ আহ্বান জনাই কয় যে ২৫ লাখ টকা দি মোক মুক্ত কৰক৷ মাটি, ঘৰ, দোকান বন্ধকত থৈ হ’লেও ২৫ লাখ যোগাৰ কৰিবলৈ পৰিয়ালক কাতৰ আহ্বান জনাই ব্যৱসায়ীজনে। ২৫ নৱেম্বৰত চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা দলঙৰ সমীপৰ পৰা নগা দুৰ্বৃত্তই অপহৰণ কৰি নিছিল মুছলেক আলীক৷ সন্ধিয়া প্ৰায় ৬:১৫ বজাত দোকানত থকাৰ সময়তে হাতে হাতে অস্ত্ৰ লৈ অহা নগা দুৰ্বৃত্তই দোকনৰ পৰা বলপূৰ্বক লৈ যায় ব্যৱসায়ীজনক৷ দোকানৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰিছিল যদিও বিস্ফোৰণ হোৱা নাছিল৷ কিন্তু ব্যৱসায়ীজনক লৈ যোৱাৰ সময়ত পথত গুলীচালনা কৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে৷ চৰাইদেউৰ নামতোলাৰ পৰা অসমৰ ব্যৱসায়িক অপহৰণ কৰাৰ পিছৰে পৰা দুই ৰাজ্যৰ সীমান্তৰ নাগৰিক শংকিত হৈছে৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…