নামতোলাত ২৪ ঘণ্টীয়া পথ অৱৰোধ সংগঠনৰ…

চৰাইদেউৰ নামতোলাত ব্যৱসায়ী সন্থাৰ সহযোগত পথ অৱৰোধৰ কাৰ্যসূচী বিভিন্ন সংগঠনৰ । নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনসমূহে। প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, মুছলেক আলীক নগা দুৰ্বৃত্তই অপহৰণ কৰা কেইবাটাও দিন হ’ল যদিও অসম আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

সেয়ে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰাই নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰে ব্যৱসায়ী তথা সংগঠনসমূহে ।যাক লৈ অসম-নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা দেখা গৈছে । নামতোলাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে ।এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অপহৰণৰ পাছতে দুৰ্বৃত্তই এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল।

মুছলেক আলীয়ে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি নগা সমাজ ধ্বংস কৰাৰ অভিযোগতে মুছলেক আলীক অপহৰণ কৰা বুলি নগা দুৰ্বৃত্তই প্ৰকাশ কৰিছিল। তাৰ পিছত পুনৰ আন এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি মুছলেক আলীৰ মুক্তিৰ বাবে ২৫ লাখ টকাৰ দাবী  কৰিছে অপহৰণকাৰীয়ে।

২৫ লাখ টকা দিলেহে অপহৃত মুছলেক আলীক মুকলি কৰি দিয়া হ’ব বুলি ভিডিঅ’টোত জনাইছে মুছলেকে। ঘৰ মাটি বন্ধকত দি হ’লেও ২৫ লাখ যোগাৰ কৰি তেওঁক মোকোলাবলৈ ভিডিঅ’টোৰ জৰিয়তে পৰিয়ালক কাতৰ আহ্বান জনাইছে মুছলেক আলীয়ে।

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    অপেক্ষা ৭ ডিচেম্বৰলৈ!

    “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ