এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব বৰ্ষাকালীন অধিবেশন, শীতকালীন অধিবেশন, বাজেট অধিবেশন, বিশেষ অধিবেশন আদি তিনি চাৰিখনকৈ অধিবেশন । পূৰ্বৰ নীতি অনুসৰি ফেব্ৰুৱাৰী-মাৰ্চত বাজেট অধিবেশন হ’বই লাগিব ৷ জুলাই-আগষ্টত শৰৎকালীন অধিবেশন হ’বই লাগিব । নৱেম্বৰ-ডিচেম্বৰ মাহত শীতকালীন অধিবেশন হ’বই লাগিব ৷ দৰাচলতে নিয়ম সলনি হৈছে অসম বিধানসভাৰ ।
সেই অনুসৰি ছমাহৰ মূৰত এতিয়া বছৰত দুবাৰকৈ অধিবেশন পাতিলেই হ’ব। যোৱা ২৭ আগষ্টৰ দিনা অসম বিধানসভাৰ ৰোল কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । বিষয়টোক লৈ ছেপ্টেটেম্বৰ মাহৰ দুই তাৰিখে গেজেট ন’টিফিকেচন জাৰি কৰিছে।
“অসম বিধানসভাৰ সংবিধানৰ 11B বিধিত লিখা আছিল যে অসম বিধানসভাত ১ বছৰত ন্যূনতম ৩ খন অধিবেশন অনুষ্ঠিত হ’ব আৰু বছৰত ন্যূনতম ৪৫ দিন অধিবেশন বহিবই লাগিব ৷ কিন্তু ইয়াক সংশোধন কৰি বিধানসভাৰ সময়সীমা কমাবৰ বাবে কৌশলী সিদ্ধান্ত লৈছে চৰকাৰে ৷ এতিয়া সিদ্ধান্ত ল’লে যে বছৰত অসম বিধানসভাৰ কেৱল ২ খন অধিবেশনহে হ’ব ৷” শুকুৰবাৰে অসম বিধানসভাৰ অধিবেশনৰ সংখ্যা আৰু দিন কমাই অনাৰ বাবে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় ।
“বিধানসভাৰ বিধিৰ 11B ৰ নিৰ্দেশনা নাইকিয়া কৰি তাৰ সলনি ভাৰতীয় সংবিধানে অনুচ্ছেদ ১৭৪ত ৬ মাহৰ ভিতৰত অধিবেশন হ’ব লাগিব বুলি যি নিৰ্দেশনা দিছে, এয়া কাৰ্যকৰী কৰাৰ কথা কোৱা হৈছে । ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে এতিয়াৰে পৰা বছৰত বিধানসভাৰ অধিবেশন কেৱল দুখন পতাৰ সিদ্ধান্ত লোৱা হৈছে ।” শুকুৰবাৰে গুৱাহাটীত সংবাদমেলত এই কথা সদৰী কৰে বিধায়ক গগৈয়ে ।