গৱেষণা আৰু নিৰ্দিষ্ট বিষয়ৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি চৰকাৰে কলেজ শিক্ষক নিযুক্তিৰ বাবে প্ৰকাশিত নিৰ্দেশনা ২০২৬ চনলৈ কাৰ্যকৰী কৰা নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলেও আশ্বস্ত হ’ব পৰা নাই ৰাজ্যখনৰ উচ্চ শিক্ষিত নিবনুৱা৷ কলেজ শিক্ষকৰ বাবে ভয়ংকৰ নিয়ম বলবৎ কৰিব খোজাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টিৰ মাজতে গুৱাহাটীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উচ্চ শিক্ষিত যুৱকে প্ৰতিবাদ সাব্যস্ত কৰি বলবতৰ বাবে সাজু কৰা নিয়ম বাতলি কৰিবলৈ দাবী জনায়৷ দীঘলীপুখুৰীপাৰত হাতে হাতে বেনাৰ, ফেষ্টুন, পোষ্টাৰ লৈ এছএফআই, ডিৱাইএফআই, এআইৱাইএফ, আইছা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থকে চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। কলেজ শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে ল’ব খোজা নীতিয়ে একাংশ লোকক বৰবাদ কৰি পেলাব বুলি অভিযোগ আনে প্ৰতিবাদকাৰীয়ে৷ ডিৱাইএফআইৰ নেতা নিৰংকুশ নাথে গৱেষণা আৰু নিৰ্দিষ্ট বিষয়ৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি কলেজ শিক্ষক নিযুক্তিৰ বাবে যি নিয়মৰ প্ৰস্তাৱ কৰিছে সেয়া মানি লোৱা নহ’ব বুলি কয়৷ অসম মহাবিদ্যালয় কৰ্মচাৰী প্ৰাদেশিকীকৰণ নীতি-২০২৪ৰ খচৰাত কলেজ শিক্ষক নিযুক্তিৰ নতুন নিয়ম প্ৰস্তাৱ কৰাত উপযুক্ত বিষয়াৰ গৱেষক ছাত্ৰ, স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকল বঞ্চিত হ’ব বুলিও কয় নাথে৷ নতুন নিয়মত গৱেষণাৰ দিশটোক উপেক্ষা কৰা হৈছে। নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব খোজা হৈছে৷ ইয়াৰ দ্বাৰা নেট বা শ্লেট পৰীক্ষাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰীয়ে নতুন নিয়ম ২০২৬ চনৰ পৰা বলৱৎ হ’ব বুলি কয় যদিও আশ্বস্ত হ’ব পৰা নাই গৱেষক ছাত্ৰ আৰু উচ্চ ডিগ্ৰীধাৰী নিবনুৱাসকল৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…