ৰংঘৰ, ৰাজ্যিক চিৰিয়াখানাক কেন্দ্ৰৰ ২০০ কোটি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্ট দি অসমৰবাসীক ভাল খবৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে ৰং ঘৰৰ সুন্দৰীকৰণ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০ কোটি টকা অনুমোদন জনোৱাৰ কথা উল্লেখ কৰিছে৷ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনৰ বাবে ৯৭.১২ কোটি টকা আৰু শিৱসাগৰৰ ৰং ঘৰৰ সুন্দৰীকৰণৰ বাবে ৯৪.৭৬ কোটি টকা অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে৷ অসমৰ দুটা প্ৰতিষ্ঠিত পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ লক্ষ্যৰে প্ৰায় ২০০ কোটি টকা অনুমোদন জনোৱাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ অসমৰ পৰ্যটন ক্ষেত্ৰক যথেষ্ট উৎসাহিত কৰাত মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। পৰ্যটন ক্ষেত্ৰ ৰং ঘৰ আৰু ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনে ৰাজ্য মূলধন বিনিয়োগত ৰাজ্যসমূহক বিশেষ সহায়ৰ অধীনত এক সাহায্য লাভ কৰিছে। উল্লেখ্য যে, পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে সীমিত প্ৰচাৰ লাভ কৰা পৰ্যটনস্থলীক আইকনিক ক্ষেত্ৰ হিচাপে উন্নীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ২৩ ৰাজ্যৰ ৪০টা প্ৰকল্পক ৩,২৯৫ কোটি টকাৰ পুঁজি যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ পৰ্যটন মন্ত্ৰালয়ে প্ৰতিষ্ঠিত পৰ্যটন কেন্দ্ৰসমূহক উন্নীতকৰণ কৰিবলৈ বিশেষ সহায় কৰিছে। ৪০টা প্ৰকল্পৰ ভিতৰত অসমৰ ৰংঘৰ, অসম ৰাজ্যিক চিৰিয়াখানাৰ লগতে বিহাৰৰ মৎস্যগন্ধা হ্ৰদ, গোৱাৰ টাউন স্কোৱেৰ, মধ্য প্ৰদেশৰ অৰ্ছা আদিক ক্ষেত্ৰক সন্নিৱিষ্ট কৰা হৈছে৷

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    অপেক্ষা ৭ ডিচেম্বৰলৈ!

    “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ