যিসকল বিষয়া-কৰ্মচাৰীৰ ওচৰলৈ গৈ মানুহে তিতা-কেঁহা অভিজ্ঞতা লাভ কৰিও একো ব্যৱস্থা ল’ব নোৱাৰে সেইসকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ মুকলি কৰা হৈছে পৰ্টেল৷ সময় মতে কাম নকৰিলে এতিয়াৰ পৰা বিষয়াজনৰ ওচৰলৈ বাৰে বাৰে যাব নালাগে৷ এতিয়াৰ পৰা পৰ্টেলত বিষয়াৰ বিৰুদ্ধে দাখিল কৰিব পাৰিব অভিযোগ৷ সময়ত কাম নকৰা বিষয়াৰ বিৰুদ্ধে পৰ্টেলত অভিযোগ দিলে শুনানি হ’ব৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুকলি কৰিছে বিশেষ পৰ্টেল৷ দাখিল কৰা অভিযোগ মতে যদি কোনো বিষয়া-কৰ্মচাৰী অভিযুক্ত হয় তেন্তে ১০০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব৷ জৰিমনা ভৰা বিষয়াৰ সেই টকা দিয়া হ’ব ভুক্তভোগীগৰাকীক৷ বিষয়া-কৰ্মচাৰীৰ সেই ধন দৰমহাৰ পৰা কৰ্তন কৰা হ’ব৷ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী, অসম সচিবালয়ৰ মুখ্য সচিবলৈ অভিযোগ দাখিল কৰিব পাৰিব জনগণে৷ আজি পৰ্টেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এয়া এক যুগান্তকাৰী প্ৰচেষ্টা৷ অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ প্ৰাধিকৰণ আনুষ্ঠানিক শুভাৰম্ভণি কৰি আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে। নাগৰিকসকলে এতিয়া সময়মতে ৪৪১টা ৰাজহুৱা সেৱা লাভৰ অধিকাৰ পাবলৈ সক্ষম হ’ব আৰু যদিহে তেওঁলোকক এক নিৰ্ধাৰিত অভিযোগ নিষ্পত্তি প্ৰণালীৰ সৈতে অস্বীকাৰ কৰা হয়৷ তাৰ বাবেও এতিয়াৰ পৰা দায়বদ্ধতা নিৰ্ধাৰণ কৰা হ’ব। এই পৰ্টেল অসম ৰাজ্যিত ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ উদ্যোগত মুকলি কৰা হয়৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…