ৰাজ্যত ৰাসৰ বতৰৰ সময়ত বিভিন্ন প্ৰান্তত ভাওনা মঞ্চস্থ হৈ থকাৰ সময়তে গুৱাহাটী মহানগৰীত গুৰু-শিষ্যই একেখন মঞ্চত অভিনয় কৰি সমাজক বিশেষ বাৰ্তা দিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়৷ চাকৰি জীৱন, সমাজ, সংঘাতৰ পিছতো জীয়াই থকাৰ হেঁপাহ যে থাকিব লাগে তাকে প্ৰতিফলিত কৰিছে গুৰু-শিষ্যই৷ ৰাজ্যৰ আগশাৰীৰ শিক্ষক প্ৰশিক্ষণ শিক্ষানুষ্ঠান চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শুকুৰবাৰে এখন বিশেষ পূৰ্ণাংগ নাটক মঞ্চস্থ কৰা হয়৷ মহানগৰীৰ লাচিতনগৰস্থিত চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত স্থয়ী মঞ্চত মঞ্চস্থ কৰা নাটখনে দৰ্শকৰ মন-মগজু চুই যায়৷ পূৰ্ণাংগ নাটকখন মহাবিদ্যালয়খনৰ শিক্ষকসমাজ আৰু প্ৰশিক্ষণৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে অভিনয় কৰে৷ মহাবিদ্যালয়খনত প্ৰশিক্ষণৰত দ্বিতীয় বৰ্ষৰ শিক্ষক মনোৱাৰ হুছেইনে সামাজিক বিষাদ আৰু প্ৰেমগাথাক লৈ ৰচনা কৰি নাটকখনৰ নাম হৈছে ‘অপৰাজিতা’৷ নাৰীৰ চৰিত্ৰ অপৰাজিতা মুখ্য নায়িকা হিচাপে উপস্থাপন কৰা নাটখনত দুই ভগ্নীৰ সম্পৰ্কক তুলি ধৰা হৈছে৷ অপৰাজিতা আৰু কনিষ্ঠ ভগ্নী অনামিকাৰ মাজৰ সম্পৰ্ক, আৱেগ, সংঘাতক লৈ বৰ্তমান সমাজৰ বাস্তৱ ঘটনাৰাজিক তুলি ধৰা হৈছে৷ অপৰাজিতা শান্ত, শিষ্ট, মৃদুভাষী৷ আনহাতে অনামিকা ৰাংঢালি আৰু মুক্তমনৰ৷ সেই সময়তে এজন প্ৰেমধৰ কলিতা নামৰ যুৱকৰ বাবে দুয়ো ভগ্নীৰ মাজৰ সংঘাতৰ পাৰা বৃদ্ধি পায়৷ প্ৰেমধৰ কলিতাই নতুনকৈ চাকৰি পাইছিল৷ প্ৰেমধৰ কলিতাই অপৰাজিতাৰ প্ৰেমত পৰে৷ অপৰাজিতাও প্ৰেম স্বীকাৰ কৰে৷ যেতিয়া সেই কথা ভগ্নী অনামিকাই এটা ফোন ৰেকৰ্ডিঙৰ দ্বাৰা গম পালে তেতিয়া ভগ্নী অনামিকাই ঘৰৰ পৰা ওলাই গুছি যায়৷ সমানে চাকৰি লাভ কৰি প্ৰশিক্ষণৰ বাবে গুছি যায় প্ৰেমিক প্ৰেমধৰ কলিতা৷ ভগ্নীৰ ঘৰৰ পৰা ওলাই গ’ল আৰু প্ৰেমিক প্ৰেমধৰ কলিতাই প্ৰশিক্ষণলৈ যোৱাৰ পিছতে অকলশৰীয়া অপৰাজিতাৰ ‘কনভাৰচেচন ডিছঅৰ্ডাৰ’ত আক্ৰান্ত হয়৷ এই সময়ছোৱাত নাটক ৰচোতাই চাকৰি জীৱন, নিগংতা, সমাজিক ব্যৱস্থা, নাৰীৰ সহিষ্ণুতা, সংসাৰৰ প্ৰতি দুৰ্বলতা আদি বিষয়ক স্পষ্টাভাৱে দাঙি ধৰে৷ সুন্দৰ আৰু সাৱলীলভাৱে উপস্থাপন কৰা নাটকখনে চাকৰিকালত মানুহে কেনেদৰৈ ঘৰখনৰ বান্ধোন কটকটীয়া কৰি ৰাখিবলৈ ত্যাগ কৰিবলগীয়া হয় সেই কথাক জোৰ দিয়া গৈছে৷ অসমীয়া সমাজৰ অন্ধবিশ্বাস, কু-সংস্কাৰৰ ছবি দাঙি ধৰা হৈছে। পিতৃ প্ৰধান পৰিয়ালৰ বাস্তৱ দৃশ্য কিছুমান দেখুওৱা হৈছে। প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ অধ্যাপিকা ড০ মৌচুমী বৰদলৈৰ পৃষ্ঠপোষকতাত আৰু ড০ মৌচুমী চৌধুৰীৰ পৰিচালনাত আৰু মনোৱাৰ হুছেইনৰ সহ-পৰিচালনাত মঞ্চস্থ নাটখনত নামনি অসমত ব্যৱহৃত বিশেষকৈ নলবেৰীয়া পৰম্পৰাগত ভাষাক গুৰুত্ব প্ৰদান কৰা হৈছে৷ সুৰ আৰু সংগীত প্ৰদান কৰে প্ৰশিক্ষাৰ্থী ভূপেন দাস আৰু অধ্যাপিকা কৃষ্ণা ডেকাই৷ অভিনয় কৰে অধ্যাপিকা-অধ্যাপিকা ড০ ছায়ামণি দত্ত, ড০ পল্লৱী কলিতা, ড০ উৎপল গোস্বামী, স্নেহ মঞ্জুৰী মজুমদাৰ, মানসী শৰ্মা, মিতালী বৰুৱা আৰু কৃষ্ণ ডেকাই৷ প্ৰশিক্ষাৰ্থীৰ ভিতৰত অভিনয় কৰে ড০ হামিদুল ইছলাম, মনোজ কুমাৰ মিশ্ৰ, চৈয়দা শ্বামীমা ৰহমান, শিখা ছেত্ৰী, প্ৰদ্যুম্ন পাঠক, ছফিকুল ইছলাম, দিপ্তীৰাগ দাস আৰু পাৰ্শ্বিয়া দাসে৷ নাটক মঞ্চস্থ কৰাত সহায় কৰে নৱ কুমাৰ কলিতা, ৰাজমণি গোস্বামী, মৃদুল গোস্বামী, পল্লৱী দেৱী, ইপ্সিতা বৰুৱাই৷ প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰথমবাৰ গুৰু আৰু শিষ্যই একেলগে নাটকত অভিনয় কৰাৰ লগতে এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰি নতুন ইতিহাস ৰচিলে৷ অসমীয়া ভাষাটোৰ কদৰ দিনে-দিনে হ্ৰাস হোৱা বুলি সমালোচিত হ’লেও শেহতীয়াকৈ ভাৰত চৰকাৰে ভাষাটোত ধ্ৰুপদী ভাষাৰ মৰ্য্যদান প্ৰদান কৰিছে৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সৈতে সংগতি ৰাখি চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ শিক্ষক আৰু প্ৰশিক্ষণৰত শিক্ষকে অসমীয়া ভাষাটোক যাউতিযুগীয়া কৰি ৰাখিবলৈ পৰম্পৰাগত থলুৱা কথনক গুৰুত্ব দি নাটক মঞ্চ কৰাত দৰ্শকে শলাগ লৈছে৷ মহাবিদ্যালয়খনৰ ইতিহাসত প্ৰথমবাৰ পূৰ্ণাঙ্গ অসমীয়া নাটক মঞ্চস্থ কৰি সংলাপত অসমীয়া ভাষাগত দিশসমূহৰ অভ্যাসন কৰা পৰিলক্ষিত হয়৷ অসমীয়া উপ-ভাষাৰ দিশটো বিশেষকৈ নলবেৰীয়া মহিলাই ব্যৱহাৰ কৰা ভাষাৰূপ প্ৰকাশ পাইছে।
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…