ড্ৰাগছ ব্যৱসায়ীৰ সপক্ষে চৰাইদেউৰ দল-সংগঠন কৰিছে প্ৰতিবাদঃ গুৰুতৰ অভিযোগ আলফা স্বাধীনৰ

চৰাইদেউ জিলাৰ দল-সংগঠনে ড্ৰাগছ ব্যৱসায়ীৰ সপক্ষে আন্দোলন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংযুক্ত মুক্তি বাহিনী স্বাধীন চমুকৈ আলফা স্বাধীনে৷ আজি এক বিবৃতি যোগে চৰাইদেউ জিলাৰ নামতোলা নগৰৰ মুছলেক আলীক নগা বিদ্ৰোহীয় অপহৰণ কৰা বন্দী কৰি ৰখা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰাইদেউৰ দল-সংগঠন আৰু অপহৃত মুছলেক আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্রচাৰ বিভাগৰ সহঃ সম্পাদকে প্ৰকাশ কৰি বিবৃতি যোগে মুছলেক আলীক অপৰাধী আখ্যা দি নাগালেণ্ডৰ বিৰুদ্ধে আৰ্থিক অৱৰোধ কৰাত প্ৰশ্ন উত্থাপন কৰিছে৷ নাগালেণ্ডৰ বিৰুদ্ধে অসমৰ দল-সংগঠনে অৰ্থনৈতিক অৱৰোধ কৰাৰ কোনো যুক্তি আমি দেখা পোৱা নাই আৰু এয়া অদূৰদৰ্শী আৰু অবিৱেচক বুলি দল-সংগঠনক সমালোচনা কৰিছে আলফা স্বাধীনে৷ বিবৃতি যোগে আলফা স্বাধীনে কয় যে ২৬ নৱেম্বৰৰ সন্ধিয়া নামতোলা নগৰৰ মুছলেক আলী নামৰ এগৰাকী ব্যৱসায়ীক এন.এচ.চি.এন, জি.পি.আৰ.এন সংগঠনৰ সদস্যই মৰাত্মক ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰীৰ কৰাৰ অভিযোগত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা আটক কৰি লৈ যায়৷ উক্ত ঘটনাৰ আলম লৈ নাগালেণ্ডৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ এন.এচ.চি.এন, জি.পি.আৰ.এন সংগঠনৰ অভিযোগ সত্যতা প্ৰমাণ কৰি আটকাধীন মুছলেক আলীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰা ভিডিঅ’ বাৰ্তা ইতিমধ্যে সংবাদ মাধ্যমত বিয়পি পৰিছে৷ যিগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ বাবে কেৱল মন জিলাই নহয় অসমৰো বহু যুৱক-যুৱতীয়ে নিজৰ জীৱন হেৰুৱাব লগাত পৰিছে৷ সেইগৰাকী অপৰাধীক অসম আৰক্ষীয়ে কৰায়ত্ত্ব কৰিব নোৱাৰাত এন.এচ.চি.এন, জি.পি.আৰ.এন সংগঠনে আটক কৰিছে৷ গতিকে নাগালেণ্ডৰ বিৰুদ্ধে অসমৰ দল-সংগঠনে অৰ্থনৈতিক অৱৰোধ কৰা কোনো যুক্তি আমি দেখা নাপাও৷ কিন্তু অসমৰ একাংশ দল-সংগঠনে গ্ৰহণ কৰা অৱৰোধ কাৰ্য্যসূচীয়ে বিষয়টো আৰু অধিক জটিল কৰি তুলিব পাৰে৷ যিয়ে ভৱিষ্যতে দুয়োখন দেশৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ অৱকাশ আহি পৰিছে৷ আলফা স্বাধীনে একেটা বিবৃতিত যোগে কয় যে ব্যক্তিগৰাকীৰ ঠাইত সমাজহিতৈষী কোনো ব্যক্তি হোৱা হ’লে আমিও হাত উজান দিলো হয়৷ কিন্তু সমাজ বিৰোধী তথা এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ সপক্ষে দল-সংগঠনে এটা মহান জাতিৰ বিৰুদ্ধে পথ অৱৰোধৰ দৰে কাৰ্য্যসূচী হাতত লোৱাটো অদূৰদৰ্শী আৰু অবিৱেচক বুলি আমি গণ্য কৰো৷ সেয়েহে, সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ তৰফৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে গ্ৰহণ কৰা পথ অৱৰোধ কাৰ্য্যসূচী সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ সমূহ দল-সংগঠনলৈ আহ্বান জানালো৷

 

  • Brahmaputra Times

    Related Posts

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

    অপেক্ষা ৭ ডিচেম্বৰলৈ!

    “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব। সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ