২০২৫ চনত দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ মিত্ৰতা দেওবাৰে নুই কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। দেওবাৰে সংবাদমেলত কেজৰিৱালে ঘোষণা কৰে যে দিল্লী নিৰ্বাচনত আম আদমি পাৰ্টিৰ কাৰো লগত কোনো ধৰণৰ মিত্ৰতা নাথাকিব।
কেন্দ্ৰত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে গঠন হোৱা বিৰোধী দল ‘INDIA’ৰ বাবে আপৰ এই পদক্ষেপ হানিকাৰক হ’ব পাৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ভাৰতীয় মিত্ৰজোঁটৰ অংশ হৈও আম আদমী পাৰ্টিয়ে কিয় কংগ্ৰেছৰ পৰা পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে?
দৰাচলতে অৰবিন্দ কেজৰিৱালে শেহতীয়া নিৰ্বাচনৰ পৰা শিক্ষা লৈ আগবাঢ়িছে। হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনত INDIA মিত্ৰজোঁটে যিদৰে পৰাজয়বৰণ কৰিছে, সেইবাৰে অৰবিন্দ কেজৰিৱালে নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হৈছে।
কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি লোকসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালেও মুখ ঠেকেচা খাইছে। বিশেষজ্ঞসকলৰ মতে অৰবিন্দ কেজৰিৱালে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি কোনো লাভ দেখা পোৱা নাই। সেয়ে কেজৰিৱালে আগন্তুক নিৰ্বাচনত অকলে যুঁজ দিয়াৰ সিদ্ধান্ত লোৱা বুলি কেউফালে চৰ্চা হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৩টা বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছৰ ভোটৰ শতকৰা হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। ২০১৩ চনৰ দিল্লীত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ ভাগ আছিল ২৫ শতাংশ। ২০১৫ চনত ই ১০ শতাংশলৈ নামি আহিছিল। একে সময়তে ২০২০ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ অংশ ৪.২৬ শতাংশলৈ হ্ৰাস পাইছে। এনেদৰে চালে দিল্লীৰ ভিতৰত কংগ্ৰেছ ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছে।