আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাভিছে…

আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাভিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিশিষ্ট নেতা এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিজয় ৰুপানি আৰু নিৰ্মলা সীতাৰমণে বুধবাৰে দেৱেন্দ্ৰ ফাড়নাভিছৰ নাম বিধায়িনী গোটৰ নেতা আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল ।

ফলস্বৰূপে মহাযুটি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাভিছে আজি শপত ল’ব । সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।শপতগ্ৰহণ অনুষ্ঠানটোৰ প্ৰস্তুতি তীব্ৰগতিত চলি আছে ।

আনহাতে, একনাথ সিন্দেই চৰকাৰত যোগদান কৰিবনে নকৰে তাক লৈ এতিয়াও কৌতূহল আছে । একনাথ সিন্দে উপ-মুখ্যমন্ত্ৰী হ’ব নে নহয় সেই সন্দৰ্ভত তেওঁ এতিয়ালৈকে কোনো দৃঢ় মতামত প্ৰকাশ কৰা নাই । সেয়েহে ৰাইজৰ দৃষ্টি এতিয়াও একনাথ সিন্দেৰ ভূমিকাৰ ওপৰত আছে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানক লৈ মুম্বাই চহৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ৪ হাজাৰৰো অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ শপতগ্ৰহণ অনুষ্ঠান সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৫ গৰাকী অতিৰিক্ত আৰক্ষী আয়ুক্ত, ১৫ গৰাকী উপ-আৰক্ষী আয়ুক্ত, ২৯ গৰাকী সহকাৰী আৰক্ষী আয়ুক্ত আৰু ৩৫০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।

লগতে কৰ্মত নিয়োজিত থাকিব ৫২০ গৰাকী আৰক্ষী বিষয়া । ইয়াৰ উপৰিও, মুম্বাই আৰক্ষী বাহিনীৰ এগৰাকী অতিৰিক্ত আৰক্ষী আয়ুক্ত, ৩ গৰাকী আৰক্ষী উপ-আয়ুক্ত, ৩০ গৰাকী আৰক্ষী বিষয়া আৰু ২৫০ গৰাকী আৰক্ষী কৰ্মীয়ে এই অনুষ্ঠানৰ বাবে অহা ভি আই পি আৰু সাধাৰণ নাগৰিকৰ যান-বাহন নিয়ন্ত্ৰণ কৰিব আৰু যান-জঁট পৰিহাৰ কৰিবলৈ চেষ্টা চলাব ।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…