
এজন অথবা দুজন নহয়, মুঠ চাৰিগৰাকী নতুন বিধায়কে লাভ কৰিব মন্ত্ৰীত্বৰ দায়িত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেত়ৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অহা ৭ ডিচেম্বৰত হ’ব বুলি ঘোষণা কৰাৰ পাছতে কোনে কোনে মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব আৰু কেইজন বিধায়কে দায়িত্ব লাভ কৰিব তাক লৈ নানান চৰ্চা চলিছিল।
এই চৰ্চাৰ মাজতে আজি হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ মন্ত্ৰী হিচাপে দায়িত্ব ল’বলগীয়া বিধায়কসকলৰ নাম ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰা অনুসৰি ৭ ডিচেম্বৰত মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা।
বুধবাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ সৈতে আলোচনাৰ অন্তত তেওঁ কেইজন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে জনাব বুলিও কৈছিল।
সেই অনুসৰিয়েই আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ সময়তে জে পি নড্ডাৰ সৈতে আলোচনাৰ পাছত তেওঁ নতুনকৈ চাৰিগৰাকী বিধায়কক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁৰ বৰ্তমানৰ মন্ত্ৰী সভাত ১৫ জন সদস্য আছিল যদিও আজি মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে।
সেয়ে নতুন চাৰিগৰাকী মন্ত্ৰীক লৈ অসম মন্ত্ৰীসভাৰ মুঠ সদস্য হ’বগৈ ১৮ জন। মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা বৰাকৰ এজন বিধায়কে মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব বুলি ঘোষণা কৰি আহিছিল যদিও আজি তেওঁ মন্ত্ৰীসভাত দুজন বিধায়কক স্থান দিয়া পৰিলক্ষিত হৈছে। পঠাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, লখিপুৰৰ বিধায়ক কৌশিক ৰয়ে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰিছে।
সঞ্জয় কিষাণে পদত্যাগ কৰাত চাহ জনগোষ্ঠীয় আন এগৰাকী বিধায়কে যে মন্ত্ৰী হিচাপে স্থান লাভ কৰিব সেয়াও নিশ্চিত হৈ পৰিছিল। সেই মতেই ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ ভাগ্য উদয় হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ আজি একপ্ৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক আছিল প্ৰশান্ত ফুকনৰ নাম মন্ত্ৰী হিচাপে ঘোষণা কৰাৰ বিষয়টো।
সুদীৰ্ঘ দিন ধৰি ডিব্ৰুগড় বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰশান্ত ফুকনে বিজেপি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ সময়তে মন্ত্ৰীত্ব লাভ কৰিব বুলি আশা কৰিছিল যদিও বাৰে বাৰে তেওঁ বঞ্চিত হৈ আহিছিল। এনে পৰিস্থিতিত এইবাৰো তেওঁৰ নাম বিশেষ চৰ্চাত নাছিল যদিও আজি মুখ্যমন্ত্ৰীয়ে তেওঁৰ নাম মন্ত্ৰী হিচাপে ঘোষণা কৰিছে।
এয়া দৰাচলতে দীৰ্ঘদিন ধৰি দললৈ আগবঢ়োৱা সেৱাৰ বাবে তেওঁলৈ মন্ত্ৰীত্বৰ দায়িত্ব প্ৰদান কৰি এক প্ৰকাৰে পুৰস্কাৰেই প্ৰদান কৰিলে। অৱশ্যে ইয়াৰ আঁৰত যে, ২০২৬ ৰ অংকও জড়িত হৈ আছে সেয়াও স্পষ্ট হৈছে।