ৰাজ্যজুৰি সংবিধান নিৰ্মাতা আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি, টিভি, ৰেইন কোট, পানীৰ বটল আমাক নালাগেঃ সঞ্জীৱ দাস

আজি স্বাধীনতা সেনানী, দলিত অধিকাৰৰ নেতা, সংবিধান নিৰ্মাতা, ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথি৷ ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা ভাৰতৰ পিছপৰা শ্ৰেণীক জাগ্ৰত কৰা বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰে ১৯৫৬ চনৰ ৬ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰিছিল৷ প্ৰতিবছৰে পুণ্যতিথিত দল-সংগঠনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি মহান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেনেদৰে আজি পুণ্য দিনটোত ভীমৰাও আম্বেদকাৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰক স্মৰণ কৰে সংগঠনটোৱে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেবাখনো জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ধেমাজি জিলাৰ গোগামুখ চাৰআলিত সদৌ অসম কৈৱৰ্ত যুৱ সন্মিলন আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে৷ গোগামুখ চাৰআলিৰ মাজমজিয়াত আম্বেদকাৰৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত দুয়োটা সংগঠনৰ কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে৷ নগাঁৱৰ আম্বেদকাৰ ভৱনতো কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ আম্বেদকাৰ ভৱনস্থিত আৱক্ষ প্ৰতিমূৰ্তিত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতা-কৰ্মীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে সংবিধান নিৰ্মাতা, ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সঞ্জীৱ দাসে কয় যে ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই সংবিধানত দলিত, আদিবাসী, অনুসূচিত জাতি-জনজাতিয়ে যাতে সম-অধিকাৰ লাভ কৰে তাৰ ব্যৱস্থা সংবিধানত কৰি গৈছে৷ কিন্তু দেশৰ চৰকাৰে দলিত, আদিবাসী, অনুসূচিত জাতি-জনজাতিক সদায়েই অধিকাৰৰ পৰা বঞ্চিত কৰি ড০ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ লক্ষ্য আৰু আদৰ্শক পদাঘাত কৰি গৈছে৷ আমি চৰকাৰৰ এনে বৈষম্যমূলক নীতিৰ বিৰুদ্ধে যুঁজিবই লাগিব৷ চৰকাৰে সমাজৰ পিছপৰা লোকৰ উন্নয়নৰ চিন্তা কৰিব লাগে৷ সংবিধান আমাৰ মূল বুলি কৈ দাসে কয় যে ড০ ভীমৰাও আম্বেদকাৰৰ লক্ষ্য আৰু আদৰ্শ আছিল সমাজত বৰ্ণ বৈষম্য, লাঞ্চিত-বঞ্চিতসকলক অধিকাৰ দিয়া৷ কিন্তু চৰকাৰে আজি অধিকাৰ কাঢ়িহে নিছে৷ অসমৰ উদাহৰণ দি সঞ্জীৱ দাসে কয় যে অনুসূচিত জাতিৰ হকে ৰূপায়ন কৰা ১৪০ কোটি টকীয়া টিভি-পাকঘৰৰ সামগ্ৰী বিতৰণ আঁচনিৰ ভয়ংকৰ কেলেংকাৰী হ’ল কিন্তু সেই কেলেংকাৰীৰ তদন্ত নহ’ল৷ অসমৰ অনুসূচিত জাতিৰ লোকক উপযুক্ত শিক্ষা, স্বাৱলম্বী হ’ব পৰাকৈ আঁচনি দিয়াৰ ব্যৱস্থা কৰাৰ কথা কৈ আহিছো৷ কিন্তু চৰকাৰে অনুসূচিত জাতিক বাৰে বাৰে উপলুঙা, উপহাস কৰি আহিছে৷ টিভি, পাকঘৰৰ সামগ্ৰী, ৰেইন কোট, পানীৰ বটল, স্কুল বেগ, ছাতি, টুপি, যোগা মেট, জোতা, জেমেট্ৰি বক্স, প্লাষ্টিকৰ স্কেল, বল পেন, কেলকুলেটৰ, অভিধান, ভূচিত্ৰাৱলী, প্লাষ্টিকৰ ফলডাৰ বেগ আদি দিবলৈ আঁচনি লয়৷ এই আঁচনিৰ দ্বাৰা অনুসূচিত জাতিৰ নামত কেইজমান উচ্চ শ্ৰেণীৰ লোকে লুটি-পুতি খায়৷ টিভি, পাকঘৰৰ সামগ্ৰী, ৰেইন কোট, পানীৰ বটল, স্কুল বেগ, ছাতি আদি দি অনুসূচিত জাতিক বেইজ্জতি কৰা হয়৷ আমি বাৰে বাৰে কৈছো আমাক ভিক্ষা নালাগে৷ কৰ্ম কৰি খাব পৰাকৈ আমাৰ যুৱকসকলক ৫ৰ পৰা ৫০ লাখ টকাকৈ এককালীন সাহায্য দি ব্যৱসায়, উদ্যোগ আদি আৰম্ভ কৰিব পৰাকৈ আঁচনি দিয়ক৷ তেতিয়া অসমৰ অনুসূচিত জাতিৰ লোকক চৰকাৰে টিভি, পাকঘৰৰ সামগ্ৰী, ৰেইন কোট, পানীৰ বটল, স্কুল বেগ, ছাতি যোগান ধৰাৰ আঁচনি ল’বই নালাগিব৷ ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথিৰ দিনটোত সঞ্জীৱ দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে অসম চৰকাৰত ১৪০ কোটি টকীয়া টিভি-পাকঘৰৰ সামগ্ৰী বিতৰণত কেলেংকাৰী হ’ল৷ আমি প্ৰতিবাদ কৰিলো৷ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিলো৷ কিন্তু তদন্তৰ নামত সকলো ফুটুকাৰ ফেন হৈ পৰিল৷ আন এক অভিযোগ উত্থাপন কৰি দাসে কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত আমি অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰা হৈছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে