উপ নিৰ্বাচনৰ পাছত অসম সন্মিলিত মৰ্চাৰ গুৰুত্বপূৰ্ণ বৈঠক…

গুৱাহাটীৰ হোটেল লিলিত বৈঠকত মিলিত হ’ল ৰাজ্যৰ ১৩ টাকৈ বিৰোধী দলৰ প্ৰতিনিধি। শনিবাৰে সন্ধিয়া বিৰোধী দলসমূহে অসম সন্মিলিত মৰ্চাৰ মঞ্চত একত্ৰিত হৈ বিজেপিক উৎখাত কৰাৰ ৰণনীতি প্ৰস্তুত কৰে । অৱশ্যে এইবাৰ অসম সন্মিলিত মৰ্চাৰ বৈঠকত উপস্থিত নাথাকিলে কংগ্ৰেছ দল আৰু দলৰ প্ৰতিনিধি।

উপ-নিৰ্বাচনৰ সময়ত মুখ্য বিৰোধী দলটোৱে মৰ্চাই পৰা আঁতৰি গৈছিল । কিন্তু অসম সন্মিলিত মৰ্চাই এতিয়া দুৱাৰ খোলা ৰাখিছে কংগ্ৰেছৰ বাবে । এই সন্দৰ্ভত মৰ্চাৰ নতুনকৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা অজিত কুমাৰ ভূঞাই কয়, “কংগ্ৰেছ নেতৃত্ব যদি পুনৰ অসম সন্মিলিত মৰ্চাত আহিব বিচাৰে, আমাৰ দুৱাৰ বন্ধ নাই । তেনেকুৱা হ’লে আমি অসম সন্মিলিত মৰ্চাই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম ।”

উল্লেখ্য যে পাঁচটা সমষ্টিৰ ভিতৰত বিহালী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ অসম সন্মিলিত মৰ্চাৰে কংগ্ৰেছৰ মতান্তৰ হৈছিল । অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰি আঁতৰি গৈছিল কংগ্ৰেছ সভাপতি ভূপেন বৰাই । তাৰ পিছতে অসম সন্মিলিত মৰ্চাৰ সভাপতি ৰূপে অজিত কুমাৰ ভূঞাক বাছনি কৰিছিল বিৰোধী ঐক্যই ।

অজিত কুমাৰ ভূঞাক সভাপতিৰূপে বাছনি কৰাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ অসম সন্মিলিত মৰ্চাই বৈঠকত মিলিত হয় । বৈঠকত অজিত কুমাৰ ভূঞাৰ উপৰিও লুৰীণজ্যোতি গগৈ, অখিল গগৈ প্ৰমুখ্যে মুঠ ১৩ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

অসম সন্মিলিত মৰ্চাৰ এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই সিদ্ধান্ত সন্দৰ্ভত অজিত কুমাৰ ভূঞাই কয়, “আমি যি উদ্দেশ্যৰে এই ঐক্যমঞ্চ গঠন কৰিছিলো তাত আমি অটল আছো । সন্মুখত পঞ্চায়ত আৰু পৰিষদীয় নিৰ্বাচন আছে, সেই সন্দৰ্ভত আলোচনা হৈছে । আগন্তুক দিনত অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত গুৰুত্ব দিয়া হ’ব । আমি এখন নূন্যতম কাৰ্য্যসূচী প্ৰস্তুত কৰিম । য’ত অসমক ভালপোৱা বিজেপিৰ বিৰোধিতা কৰা বিশেষ ব্যক্তিৰ পৰামৰ্শ লোৱা হ’ব । লগতে আমি ৰাজ্যৰ বিভিন্ন স্থানত মত-বিনিময় আৰু অভিৱৰ্তন অনুষ্ঠিত কৰিম ।”

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে