হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত, অসমত ৬, ত্ৰিপুৰাত ১০ বাংলাদেশীৰ প্ৰৱেশ

বাংলাদেশত সংখ্যালঘূ হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত থকাৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে৷ বিগত কেইটামান ঘণ্টাৰ ভিতৰত অবৈধবাৱে প্ৰৱেশ কৰা কেইবাগৰাকী লোকক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ দুগৰাকী মহিলাসহ ছয় বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসম আৰক্ষীয়ে ধৰি চুবুৰীয়া দেশখনৰ কৰ্তৃপক্ষক গতাই দিছে। বৰাকৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৬ জন বাংলাদেশী নাগৰিকৰ সন্দেহজনক গতিবিধি অনুসৰণ কৰি আটক কৰে যদিও দিদাৰুল ইছলাম, শান্তু খান, ইছমাইল হুছেইন ৰাহাত, চাকিব হুছেইন, শ্বাতি আখতাৰ আৰু মিম শ্বেখক দেশখনৰ কৰ্তৃপক্ষক গতাই দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্ট দি এই কথা অৱগত কৰিছে৷ আনহাতে, ত্ৰিপুৰাৰ ধলাই জিলাৰ আম্বাচা আৰক্ষী থানা এলেকাত ধৰা পৰিছে ১০গৰাকী বাংলাদেশী নাগৰিক৷ প্ৰাণৰ মমতাত লোকসকলে পলায়ন কৰি আহি ভাৰতত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে৷ বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ ধনপুৰ গাঁৱৰ অটো চালক শংকৰ সৰকাৰক সৰকাৰী ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শংকৰ সৰকাৰ পত্নী, সন্তান, ভাতৃ আৰু বৃদ্ধ পিতৃ সুধীৰ চন্দ্ৰ সৰকাৰক লৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাত ভাৰতীয় কৰ্তৃপক্ষই আটক কৰে। অৰণ্যত ৰাতি কটোৱাৰ পিছতে সীমা অতিক্ৰম কৰি আজি পুৱতি নিশা পাইছো। ৰেল ব্যৱহাৰ কৰি অসমৰ শিলচৰলৈ গৈ থকাৰ সময়তে ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ সাং বাদিকৰ সৈতে বাৰ্তালাপ কৰি শংকৰে কয়যে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত সংখ্যালঘুসকলৰ পৰিস্থিতিৰ বেয়া। শ্বেখ হাছিনা চৰকাৰ দুৰ্বল হোৱাৰ পিছৰে পৰা বাংলাদেশৰ পৰিস্থিতি অসহনীয় হৈ পৰিছে। আমাৰ দৰে সংখ্যালঘুসকল এতিয়া সুৰক্ষিত নহয়। তাত পত্নী আৰু সন্তানৰ সৈতে বাস কৰাটো বহুত কঠিন। আমি নিৰন্তৰ আক্ৰমণ আৰু ভাবুকিৰ সন্মুখীন হওঁ। আনকি অভিযোগ দাখিল কৰিলেও অধিক হিংসাৰ সৃষ্টি হয়। মই কেৱল এজন চালক যি মোৰ পৰিয়ালক সমৰ্থন কৰিবলৈ চেষ্টা কৰিছো৷ কিন্তু জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে। আমি শান্তি বিচাৰি সীমান্ত পাৰ হৈ আহিছো৷ আমি উভতি যোৱাতকৈ ইয়াতে কাৰাবাসত থাকিবলৈ পছন্দ কৰিম।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…