স্বাধীনতা আন্দোলন সংগ্ৰামী বীৰ তাপুক কৈৱৰ্তৰ স্মৃতি দিৱস উদযাপন

ব্ৰিটিছ বিৰোধী অসমৰ স্বাধীনতা সেনানী, স্বাধীনতা সংগ্ৰামত কৈৱৰ্ত সমাজক প্ৰতিনিধিত্ব কৰা বীৰ যোদ্ধা তাপুক কৈৱৰ্তৰ আজি স্মৃতি দিৱস৷ আজি নগাঁও জিলাৰ পুৰণিগুডামত স্বাধীনতা সেনানীগৰাকীক স্মৰণ কৰে পুৰণিগুদাম নাগৰিক সভাই৷ পুৰণিগুদাম নাগৰিক সভাৰ উদ্যোগত পুৰণিগুদাম বালিজুৰিত পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতি দিৱসৰ সভা৷ উদ্দেশ্য ব্যাখ্যা কৰে পুৰণিগুদাম নাগৰিক সভাৰ সম্পাদক চন্দন ফুকন, চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰুল গায়নে। স্মৃতি দিৱসৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নগাঁও সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কবি কবিন পাটৰ, বিশিষ্ট কবি কুমাৰ বিভূতি, পুৰণিগুদাম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰা, চামগুৰি সাহিত্য সভাৰ প্রাক্তন সম্পাদক অসীম বৰা, বিশিষ্ট লেখিকা গোলাঘাটৰ পৰশমণি শইকীয়া, সমাজকৰ্মী সৰ্বেশ্বৰ বৰা, শিশুবন্ধু দুলাল বৰা, যুৱনেতা ৰঞ্জিত বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হাজৰিকা, পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণকৃষ্ণ ডেকাই বীৰজনাৰ বীৰত্বৰ কথা সোঁৱৰণ কৰে। স্মৃতিসভাত ৩০ আগষ্টৰ দিনটো বীৰত্বৰ দিন হিচাপে পালন কৰাৰ লগতে বীৰগৰাকীৰ এখন জীৱনী গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। পদক্ষেপক নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনে আদৰণি জনায়। ভাৰত ত্যাগ আন্দোলনৰ পূৰ্বৱৰ্তী সময়ত নিচেই কোমল বয়সতে বুটি কোৰেৰে ইংৰাজ চাহাবৰ মূৰত প্ৰহাৰ কৰি আৰু মূৰৰ টুপি কাঢ়ি বিচাৰাধীন হোৱা আৰু সেই বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে বৃটিছ সংসদৰ মজিয়া কপোঁৱা নগাঁও জিলাৰ পুৰণিগুদাম চলচলিৰ নিবাসী বীৰ যোদ্ধা তাপুক কৈৱৰ্তৰ বিষয়ে বহুল চৰ্চা হোৱা পৰিলক্ষিত নহয়৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে