

যোৰহাট জিলাৰ তিতাবৰৰ ৰঙাজানৰ শিক্ষা আশ্ৰমত আজি হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস উদযাপন কৰা হয়। যুক্তি-বিকাশ সমিতিৰ যোৰহাট শাখা, ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখা আৰু শিক্ষা আশ্ৰমৰ উদ্যোগত অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষা আশ্ৰমৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ দত্তৰ পৰিচালনাত ‘বয়সন্ধি’ নামৰ নাটক পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানত বক্তা হিচাপে ৰাজ্যত বিজ্ঞানমনস্ক পৰিৱেশ গঢ়ি তুলিবলৈ কাম কৰি অহা সমল ব্যক্তি কৌশিক দাস উপস্থিত থাকি বিজ্ঞান শিক্ষা, বিজ্ঞানমনস্কতা আৰু অন্ধবিশ্বাস সন্দৰ্ভত যুক্তিপূৰ্ণ বিশ্লেষণ আগবঢ়ায়। সভাত ত্ৰিলোচন গগৈয়ে হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞানমনস্ক চিন্তাৰ বিষয়ে বৰ আলোচনা আগবঢ়ায়। ডা০ মনস্বী দত্তই মানুহৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত অন্ধবিশ্বাস, চিকিৎসা বিজ্ঞানৰ বিভিন্ন দিশ উল্লেখ কৰি সমাজক বাট দেখুৱাই৷ ড০ পিনাকী সেনগুপ্ত, মহেন্দ্ৰ বৰুৱা, ঋতুপৰ্ণ গোস্বামী, বৰ্ণালী বৰুৱা দাস, প্ৰদীপ গগৈ আদিয়ে সভাত মতামত আগবঢ়ায়। অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু মননশীল লেখক মুনীন শৰ্মাই অনুবাদ কৰা ডা০ নৰেন্দ্ৰ ডাভ’লকাৰৰ ‘চিন্তা কৰোঁ আহক’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ৰঙাজানৰ বিশিষ্ট সাংবাদিক আৰু লেখক প্ৰদীপ গগৈয়ে। অনুষ্ঠানত গ্ৰন্থ বিপণি এখন স্থাপন কৰা হৈছিল৷