
ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিশত আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে ৷
তেওঁ কয়, ‘‘নিৰ্মাণকাৰ্যৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি দলঙৰ ভূমি পূজন আজি সম্পন্ন কৰা হয় । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰাৰ সময়ত অসমবাসীক এইমছ, তিনিখনকৈ নতুন মেডিকেল কলেজ জনসেৱাৰ উদ্দেশ্যৰে উৎসর্গিত কৰাৰ লগতে নাহৰকটীয়াত পেট্র’কেমিকেলছ প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ উপৰি সেই দিনটোত সৰুসজাই ক্রীড়া প্ৰকল্পৰ পৰা ৩১৯৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া পলাশবাৰী-শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ।’’
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সকলো আনুষ্ঠানিকতা হোৱাৰ পিছত আজি ভূমি পূজন কৰা হয় । এই দলংখন ২০২৮ চনৰ জুন মাহত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে । দলংখন ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হোৱাৰ লগতে পলাশবাৰীৰ দিশত ৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ থাকিব আৰু শুৱালকুছিৰ দিশত ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব ।’’
শুৱালকুছিৰ উত্তৰ ফালে যি আৰ্দ্রভূমি আছে সেয়া যাতে সুৰক্ষা কৰিব পৰা যায় তাৰ বাবে উত্তোলিত পথ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয় । বাথান, শুৱালকুছি আৰু পলাশবাৰীৰ ৰাইজে যাতে পোনপটীয়াকৈ আহিব পাৰে তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷ পলাশবাৰীৰ ফালেও তদ্রুপ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয় ৷